newsnextone.com | ডিজিটেল ডেস্কঃ পুৱাৰে ভোট কৰিবলৈ ভোট দান কৰিবলৈ ওলাই আহিছে কৰ্ণাটকৰ জনসাধাৰণে৷ পুৱাৰে পৰা লানি নিছিগা সোঁত বয় ৰাইজৰ৷ দিনৰ ৫ বজালৈ কৰ্ণাটকত ৬১ শতাংশ ভোট দান সাব্যস্ত কৰি এক নতুন ইতিহাস ৰচিলে ভোটাৰে৷ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছে৷
যোৱা প্ৰায় ২ মাহ তীব্ৰ প্ৰচাৰৰ অন্তত শনিবাৰৰ পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছে৷ এতিয়ালৈকে শান্তিৰে অনুষ্ঠিত হৈ আছে ভোটদান৷ পুৱাই ঘৰৰ পৰা মানুহ ওলাই অহা পৰিলক্ষিত হৈছে আৰু ভোটদান কৰাৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হয়৷