এতিয়া সময়ৰ পৰিৱৰ্তন ঘটিছে। সময়ৰ লগে লগে সলনি হৈছে প্ৰচীন কালৰে পৰা চলি অহা বহু কু প্ৰথাও। ভাৰতীয় সংস্কৃতিত পূৰ্বে চলি অহা সতী দাহ প্ৰথা, দেৱদাসী প্ৰথা আদি পুৰণি প্ৰথা আজি যিদৰে সমাজৰ পৰা বিলুপ্ত ঘটিছে, তেনেদৰেই বিলুপ্তি ঘটোৱাৰ প্ৰয়োজন বৰ্তমানো চলি থকা আন বহু কু-প্ৰথাৰ। তেনে এক প্ৰথাই হ’ল বহুবিবাহ প্ৰথা।
ভাৰতীয় সংস্কৃতিত বহুবিবাহ প্ৰথা এক সাধাৰণ বিষয় আছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া হিন্দু পৰম্পৰাৰ পৰা এই প্ৰথা বাদ পৰিছে। তৎসত্বেও মুছলমান আৰু অন্য কিছু জনগোষ্ঠীৰ মাজত আজিও প্ৰচলিত এই বহুবিবাহ প্ৰথা। একাধিক পত্নী বা স্বামীৰ সৈতে একেলগে বিবাহ পাশত আৱদ্ধ হোৱাৰ অধিকাৰ লাভ কৰা এই কু-প্ৰথাই আজিৰ সমাজত বিৰূপ প্ৰভাৱ পেলাই আহিছে বুলি বিভিন্নজনে দাবী কৰিব খোজে।
এনে পৰিপ্ৰেক্ষিততে অসম চৰকাৰে বহুবিবাহ প্ৰথা নিষিদ্ধ কৰিবলৈ এক পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা ব্যাপক অভিযানৰ দৰে এইবাৰ বহুবিবাহ প্ৰথাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰিছে। নাৰী আৰু শিশুক শোষণ আৰু বৈষম্যৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত আৰু লাভ জেহাদৰ দৰে বিতৰ্কিত বিষয় সামৰি লৈ অহা ডিচেম্বৰ মাহত বহুবিবাহ প্ৰথাৰ বিৰুদ্ধে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।
ভাৰত আৰু অসমত বহুবিবাহৰ প্ৰাদুৰ্ভাৱ
২০১৯-২০২১ চনত চলোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (NFHS-5) অনুসৰি ভাৰতত ১৫-৪৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ মাজত বহুবিবাহৰ প্ৰাদুৰ্ভাৱ ১.৭ শতাংশ হোৱাৰ বিপৰীতে ১৫-৫৪ বছৰ বয়সৰ বিবাহিত পুৰুষৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ হৈছে ২.৩ শতাংশ। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনজাতীয় জনসংখ্যাৰ মাজত বহুবিবাহৰ হাৰ সৰ্বাধিক পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় সমীক্ষা অনুসৰি, বিভিন্ন ধৰ্মীয় গোটৰ মাজত বহুবিবাহৰ প্ৰাদুৰ্ভাৱ ভিন্ন হয়। যেনে খ্ৰীষ্টানসকলৰ মাজত ২.১ শতাংশ, মুছলমানৰ মাজত ১.৯ শতাংশ, হিন্দুৰ মাজত ১.৩ শতাংশ আৰু অন্যান্যৰ মাজত ১.৬ শতাংশ।
আনপিনে অসমত বহুবিবাহৰ প্ৰাদুৰ্ভাৱ ১৫-৪৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ মাজত ২.৪ শতাংশ আৰু ১৫-৫৪ বছৰ বয়সৰ বিবাহিত পুৰুষৰ মাজত ৩.৪ শতাংশ। তথ্য অনুসৰি বহুবিবাহৰ প্ৰাদুৰ্ভাৱ বেছি থকা জিলাসমূহো চিনাক্ত কৰা হৈছে। এই জিলাসমূহ মূলতঃ মেঘালয়, অৰুণাচল প্ৰদেশ, আৰু ওড়িশাত অৱস্থিত আছিল। এই জিলাসমূহত পূব জয়ন্তীয়া হিল (২০%), ক্ৰা দাদি (১৬.৪%), পশ্চিম জয়ন্তীয়া হিল (১৪.৫%), আৰু পশ্চিম খাছি হিল (১০.৯%)ত বহুস্ত্ৰী বিবাহৰ হাৰ বিশেষভাৱে বেছি।
ভাৰতত বহুবিবাহৰ ক্ষেত্ৰত থকা আইনী বিধান
১৯৫৫ চনৰ হিন্দু বিবাহ আইন অনুসৰি হিন্দু বিবাহ আইন, ১৯৫৫ চনৰ অধীনত হিন্দু, বৌদ্ধ, জৈন, আৰু শিখসকলৰ বাবে বহুবিবাহৰ প্ৰথা নিষিদ্ধ কৰা হৈছিল। আই পি চিৰ ধাৰা ৪৯৪ত বহুবিবাহৰ বাবে সাত বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাৰে শাস্তি প্ৰদান কৰা হৈছে। ১৯৩৬ চনৰ পাৰ্চী বিবাহ আৰু বিবাহ বিচ্ছেদ আইনখনেও ইতিমধ্যে পাৰ্চীসকলৰ বাবে বহুবিবাহ অবৈধ হিচাপে ঘোষণা কৰিছে।
কিন্তু মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) আইন, ১৯৩৭ৰ অধীনত এজন মুছলমান পুৰুষে এবাৰত চাৰিগৰাকীলৈকে পত্নীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ অনুমতি আছে। অৱশ্যে এই আইন অনুসৰি যদিহে তেওঁ আটাইকেইগৰাকী পত্নীক সমান ব্যৱহাৰ কৰে আৰু তেওঁৰ বৰ্তমানৰ পত্নীৰ সন্মতি লাভ কৰে তেতিয়াহে কোনো মুছলমান লোকে বহুবিবাহ কৰিব পাৰে। এই আইনখনে তেওঁলোকৰ ব্যক্তিগত বিষয় যেনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, আৰু তত্ত্বাৱধান আদি নিয়ন্ত্ৰণ কৰে।
মুছলমান মহিলাৰ সমতা, মৰ্যাদা, বৈষম্যহীনতাৰ সাংবিধানিক অধিকাৰ উলংঘা কৰাৰ ভিত্তিত এই আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱাৰ কেইবাবাৰো চেষ্টা কৰা হৈছে। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে তিনি তালাকক অসাংবিধানিক আৰু স্বেচ্ছাচাৰী বুলি ঘোষণা কৰে। অৱশ্যে বহুবিবাহৰ বিষয়ত আদালতে কোনো ৰায় প্ৰদান কৰা নাছিল।
বহুবিবাহ নিষিদ্ধ কৰিবলৈ চৰকাৰৰ পদক্ষেপ
ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনত শাসকীয় দলটোৱে দিয়া অন্যতম প্ৰতিশ্ৰুতিৰ ভিতৰত এটা আছিল বহুবিবাহ নিষিদ্ধকৰণ। আগন্তুক ৪৫ দিনত বিধেয়কখন চূড়ান্ত কৰি ডিচেম্বৰত বিধানসভাত উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ইতিমধ্যে প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি তাৰ অনুমোদন লোৱাৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনফালে ৰাজ্য চৰকাৰে বহুবিবাহ নিষিদ্ধ কৰাৰ কৰ্তৃত্ব ৰাজ্যৰ বিধায়িনী দলৰ আছে নে নাই সেই বিষয়ে অধ্যয়ন কৰিবলৈ বিশেষজ্ঞ সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমিতিখনে ধৰ্মৰ স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰা ভাৰতৰ সংবিধানৰ ২৫ নং অনুচ্ছেদৰ সৈতে পঢ়া মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) আইন, ১৯৩৭ৰ বিধানসমূহ পৰীক্ষা কৰিব। বহুবিবাহ নিষিদ্ধ কৰাৰ দিশত আগবাঢ়ি যাবলৈও কমিটীয়ে ইছলামিক পণ্ডিত আৰু বুদ্ধিজীৱীসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ৰাজ্য চৰকাৰে কয় যে হিন্দু বা মুছলমান যিকোনো ব্যক্তিয়ে বহুবিবাহৰ প্ৰথাত লিপ্ত হোৱাত বাধা দিয়াটোৱেই তেওঁলোকৰ উদ্দেশ্য। চৰকাৰে কাৰো ব্যক্তিগত আইন বা ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ নকৰে, বৰঞ্চ কেৱল মহিলা আৰু শিশুৰ অধিকাৰক শোষণ আৰু বৈষম্যৰ পৰা ৰক্ষা কৰাৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
চৰকাৰৰ পদক্ষেপক লৈ জনতাৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, প্ৰস্তাৱিত বিধেয়কখনে সাধাৰণ জনতাৰ পৰা তীব্ৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। এই বিধেয়ক সন্দৰ্ভত চৰকাৰে লাভ কৰা ১৪৯টা পৰামৰ্শৰ ভিতৰত ১৪৬টাই চৰকাৰৰ প্ৰস্তাৱৰ সমৰ্থনত আছিল বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। বহু লোকে এই পদক্ষেপক লিংগ ন্যায় আৰু সামাজিক সম্প্ৰীতি নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ হিচাপে আদৰণি জনাইছে। বহুবিবাহৰ বাবে স্বামীৰ দ্বাৰা বিবাহ বিচ্ছেদ হোৱা বা পৰিত্যক্ত হোৱা মহিলাসকলৰ ভৰণ-পোষণ আৰু জীৱিকাৰ ব্যৱস্থাও বিধেয়কখনত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে বিভিন্নজনে।
কিন্তু একাংশ গোটে এই বিধেয়কখনৰ বিৰোধিতা কৰি তেওঁলোকৰ ব্যক্তিগত আইন আৰু ধৰ্মীয় স্বাধীনতা উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ যুক্তি- বহুবিবাহ পছন্দ আৰু সন্মতিৰ বিষয়, আৰু ইয়াত চৰকাৰৰ হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। বহুবিবাহ নিষেধাজ্ঞাৰ ন্যায্যতা প্ৰদানৰ বাবে চৰকাৰে ব্যৱহাৰ কৰা তথ্য আৰু প্ৰমাণৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে একাংশই। কিছুমান মুছলমান সংগঠনেও এই বিধেয়কখন সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি হাৰাশাস্তি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে।
এই বিধেয়কখনে ৰাজ্যখনৰ লগতে ইয়াৰ বাহিৰতো বহু বিতৰ্কৰ সৃষ্টি কৰিব বুলি আশংকা কৰিছে অনেকে। বিশ্লেষকসকলে দাবী কৰা মতে, চৰকাৰে গ্ৰহণ কৰা এই প্ৰস্তাৱে ৰাজ্যত আইনী আৰু সামাজিক প্ৰভাৱো পেলাব পাৰে। কিয়নো এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে অসমত বিবাহ আৰু বিবাহ বিচ্ছেদ নিয়ন্ত্ৰণৰ প্ৰচলিত আইন-কানুন সংশোধনৰ প্ৰয়োজন হ’ব। এই বিধেয়কখনে বিভিন্ন জাতি-ভাষিক, ধৰ্মীয় গোটৰ বাসস্থান অসমৰ জনগাঁথনিগত আৰু সাংস্কৃতিক বৈচিত্ৰ্যকো প্ৰভাৱিত কৰিব বুলি একাংশ বিশ্লেষকে দাবী কৰিব খোজে।
বহুবিবাহক লৈ ৰাজনৈতিক দলৰ প্ৰতিক্ৰিয়া
বহুবিবাহ নিষিদ্ধকৰণ আৰু ইউনিফৰ্ম চিভিল কোড (ইউচিচি) প্ৰৱৰ্তনৰ সমৰ্থনত শাসকীয় বিজেপিয়ে নিজৰ মত ৰাখি আহিছে। বিজেপিয়ে এই আইন প্ৰৱৰ্তন কৰি বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰ আৰু প্ৰতিটো ধৰ্মৰ ধৰ্মীয় আইনৰ ঠাইত সকলো নাগৰিকৰ বাবে সমান আইন প্ৰযোজ্য কৰিব বিচাৰিছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলে মুকলিকৈ মত প্ৰকাশ কৰিও আহিছে।
অন্যহাতে বহুবিবাহ সম্পৰ্কীয় বিধেয়কখন ইউচিচিৰ সৈতে জড়িত নহয়, কিন্তু ই এক সুকীয়া বিষয় যিটোক জৰুৰীভাৱে সমাধান কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ সকলো ধৰ্মকে সন্মান কৰে আৰু কাৰো আৱেগক আঘাত দিব নিবিচাৰে বুলিও কৈছে।
কিন্তু বহুবিবাহ নিষিদ্ধকৰণক লৈ চৰকাৰে তৎপৰতা গ্ৰহণ কৰি নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, দুৰ্নীতি আদি প্ৰকৃত বিষয়ৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। লগতে এই বিধেয়কখন অসাংবিধানিক আৰু আদালতত প্ৰত্যাহ্বান জনোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে এই বিধেয়কখনক মুছলমান সম্প্ৰদায়ক হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তেওঁ লগতে এই বিধেয়কখন ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ মনোভাৱৰ বিৰুদ্ধে বুলিও অভিহিত কৰে।
টিএমচিৰ নেতা তথা সাংসদ মহুৱা মৈত্ৰাই বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডা আৰু অসমৰ জনসাধাৰণৰ ওপৰত নিজৰ মতাদৰ্শ জাপি দিয়াৰ প্ৰয়াসক লৈ তীব্ৰ সমালোচনা কৰিছে। এই বিধেয়কখনে মানৱ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা উলংঘা কৰা বুলিও কয় সাংসদগৰাকীয়ে।
বহুবিবাহ সম্পৰ্কীয় বিধেয়কখনে নাগৰিক সমাজ আৰু সংবাদ মাধ্যমৰ পৰাও মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনোৱে এই বিধেয়কখনক প্ৰগতিশীল আৰু সংস্কাৰবাদী পদক্ষেপ হিচাপে সমৰ্থন কৰিছে, আন কোনোৱে ইয়াৰ বিৰোধিতা কৰিছে পশ্চাদপসৰণশীল আৰু বিভাজনমূলক পদক্ষেপ হিচাপে। এই বিধেয়কখনে অসমৰ দৰে বৈচিত্ৰময় আৰু জটিল সমাজত এনে আইন ৰূপায়ণৰ সম্ভাৱনীয়তা আৰু ফলপ্ৰসূতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে।