newsnextone.com | নগাঁওঃ কৰিশ্মা আৰু মাতৃ জিণ্টি দাসে যোৱা কিছুুদিনৰ পৰা পৰীক্ষাৰ ফলাফলৰ কথা বৰকৈ আলোচনা কৰি আহিছে৷ কৰিশ্মাই এই কথা জানে তাই সুখ্যাতিৰে উত্তীৰ্ণ হ’ব৷ কিন্তু উত্তীৰ্ণ হোৱাৰ পিছত তাই নামভৰ্তি কৰিব কেনেকৈ৷ এনে বহু কথাই মাতৃ-কন্যাই আলোচনা কৰি আহিছে৷ তাইৰ চিকিৎসক হোৱাৰ আশা কোনে পূৰণ কৰিব৷ এখন অন্ধকাৰ প্ৰতিচ্ছবি দেখি অহা কৰিশ্মাই আশা কাৰ মতেই ফলাফল লাভ কৰিলে৷

নগাঁও জিলাৰ হাতীচোং মৌজাৰ ৰাইদঙীয়াৰ নাহৰহটীয়া গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা কৰিশ্মা। কৰিশ্মাৰ পিতৃ এই খন পৃথিৱীত নাই৷ শৈশৱতে পিতৃক হেৰুওৱা কৰিশ্মাক মাতৃয়ে আনৰ ঘৰত কাম কৰি ডাঙৰ দীঘল কৰে৷ দিনৰ দিনটো আনৰ ঘৰত কাম কৰি পোৱা টকা কেইটাৰে ভাত কেইসাজ খোৱাৰ বাহিৰে আন একোকে কৰি নোৱাৰে৷ 

এযোৰ নতুন সাজ পিন্ধিবলৈ পোৱাটো তেওঁলোকৰ বাবে এক সপোন৷ আনৰ ঘৰত কাম কৰি পোৱা টকা কেইটাৰে মাতৃয়ে কন্যাক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব খোজে৷ কন্যাই সুখ্যাতিৰে মেট্ৰিকৰ দেওনা পাৰ হোৱাত মাতৃয়ে আনৰ ঘৰত কাম কৰা টকাৰে কৰিশ্মাক উচ্চতৰ মাধ্যমিকত নাম লগাই দিছিল৷ কৰিশ্মাই মাতৃৰ সপোন পূৰণ কৰিবলৈ ভালদৰে পঢ়া-শুনা কৰিবলৈ ধৰে৷ এইবেলি কৰিশ্মাই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বহে৷

পাইনাৰ অাৰ্ট এণ্ড কমাৰ্চ নামৰ শিক্ষানুষ্ঠান খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ৫টাকৈ বিষয়ত লেটাৰ সহ সৰ্ববমুঠ ৪৩৬ নম্বৰেৰে ডিষ্টিংছন পাবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে৷ বৃহস্পতিবাৰে কৰিশ্মাই পৰীক্ষাৰ ফলাফল লাভ কৰাৰ সময়ত মাতৃ ব্যস্ত আছিল আনৰ ঘৰত৷ ৮৭.২ শতাংশ নম্বৰ লাভ কৰা পিতৃহীন কৰিশ্মাৰ মাতৃয়ে গাঁৱৰ মানুহৰ ঘৰে ঘৰে কাম বন কৰি যেনেতেনে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে যদিও কেতিয়াবা লঘোনেও দিন কটাবলগীয়াত পৰে।

শৈশৱতে পিতৃ হেৰুৱাই কৰিশ্মাই৷ মাতৃয়ে বহু কষ্ট কৰিব লগা হয় সন্তানৰ স্বাৰ্থত। প্ৰয়াত দ্বীপ দাস আৰু জিণ্টি দাসৰ জীয়াৰী কৰিশ্মাই ইয়াকো প্ৰমাণ কৰে যে শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা কোনো কাৰণতে হেঙাৰ হ’ব নোৱাৰে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰাইদঙীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৰিশ্মাই।

সৰুৰেপৰা ঘৰৰ সকলো ধৰণৰ কাম-কাজৰ সমানে সমানে অধ্যয়ন কাৰ্য চলাই যোৱা কৰিশ্মাই পঢ়া-শুনাৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা। আনকি পঢ়া কাৰ্য চলাই যাবলৈ তাইৰ নাছিল নিজা কিতাপ পত্ৰ। আনৰ পৰা অনা কিতাপ পত্ৰৰেই পঢ়িছিল কৰিশ্মাই। ভৱিষ্যতে এগৰাকী সুদক্ষ শিক্ষয়িত্রী হোৱাৰ সপোন কৰিশ্মাৰ। পিছে, দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত৷ ফলাফল লাভ কৰাৰ পিছতেই দেখা গ’ল মাতৃৰ চকুত চকুপানী৷ কাৰণ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজন হ’ব যথেষ্ট ধনৰ৷

হাজিৰা কৰি পৰিয়াল চলোৱা দুৰ্ভগীয়া মাতৃক সহায় কৰিব কোনে৷ ফলাফল ঘোষণাৰ পিছতেই অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰকাশ দাস, কাৰ্যকৰী সভাপতি কনক জিৎ দাস আৰু সম্পাদক জগমোহন দাসৰ নেতৃত্বত এটি সজাতি দল মেধাৱী ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰীগৰাকীক অভিনন্দন জনাই সমিতি তৰফৰ পৰা সহায়-সহযোগ আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰীগৰাকীক উচ্চ শিক্ষা গ্ৰহণত সহায় আগবঢ়াবলৈ চৰকাৰ তথা বিভিন্ন দল-সংগঠনক আহ্বান জনায়৷