ডিজিটেল ডেস্কঃ ৰাজনীতি কৰা লোকসকল প্ৰতিপত্তিশীল বুলি মানুহৰ মনত ধাৰণা হয়৷ কিয়নো ৰাজনীতিলৈ আহি মন্ত্ৰী-বিধায়ক হোৱাৰ পিছতেই সোঁৱে-বাৱে কোৰোণাৰে ধন চপাই নিশাৰ ভিতৰতে কোটি কোটি টকাৰ গৰাকী হয় একো একোগৰাকী জনপ্ৰতিনিধি৷ বিলাসী ঘৰ, দালান, বিলাসী গাড়ীৰ গৰাকী হৈ জীৱন ধাৰণৰ প্ৰণালী সলনি হয় কিছুদিনৰ ভিতৰতে৷ কিন্তু মানুহে তেনেদৰে ধাৰণা কৰে যদিও ৰাজনীতিত এতিয়াও সৎ মানুহ আছে৷

এনে মুখ্যমন্ত্ৰী আছে যাৰ একাউন্টত মাথো দুহেজাৰ টকাহে থাকে৷ যাক সৎ ৰাজনীতিক বুলি কোৱা হয়৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুযায়ী অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু দেশৰ সকলোতকৈ ধনী মুখ্যমন্ত্ৰী৷ নাইডুৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৭৭ কোটি টকা৷ সোমবাৰে এছচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফাৰ্মে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ পৰিমাণৰ তালিকা প্ৰকাশ কৰে৷

এছচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফাৰ্মে প্ৰকাশ কৰা তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডুৰ ১৭৭ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ সৈতে দেশৰ মুখ্যমন্ত্ৰী সকলৰ ভিতৰত শীৰ্ষত আছে৷ আনহাতে ২৬ লাখ টকাৰ সম্পতিৰ জৰিয়তে দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰ৷ উল্লেখ্য যে, এছচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফাৰ্মৰ ৰিৰ্পটত দেশৰ শীৰ্ষ দহগৰাকী ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে৷

তালিকা খনৰ শীৰ্ষত থকা নাইডুৰ সম্পত্তিৰ পৰিমাণ স্থাৱৰ ১৩৪.৮ কোটি টকাৰ বিপৰীতে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ৪২.৬৮ কোটি টকা৷ তালিকাত নাইডুৰ পিছতে স্থান লাভ কৰা মুখ্যমন্ত্ৰী কেইজন হ’ল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙ৷ এওঁলোকৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ১২৯.৫৯ কোটি আৰু ৪৮.৩১ কোটি টকা৷

ইয়াৰোপৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে ১৫.১৫ কোটি টকাৰ সম্পত্তিৰে তালিকাৰ চতুৰ্থ স্থানত থকাৰ লগতে ১৪.৫০ কোটিৰ সম্পত্তিৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই পঞ্চম স্থানত আছে৷ কোটি টকাৰ মালিক চন্দ্ৰবাবু নাইডুৱে মুখ্যমন্ত্ৰীসকলৰ শিখৰত থকাৰ বিপৰীতে সৰ্বনিম্ন সম্পত্তিৰ সৈতে তালিকাৰ অন্তিম স্থানত থাকে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰ৷

সকলোতকৈ দুখীয়া মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ সম্পত্তিৰ পৰিমাণ মাত্ৰ ২৬ লাখ টকাহে মাথোন৷ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয়ত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩০ লাখ টকা৷ দেশৰ দৰিদ্ৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মফতিৰ সম্পত্তি ৫৫ লাখ টকাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৯৫.৯৮ লাখ টকাৰে দৰিদ্ৰসকলৰ ভিতৰত ষষ্ঠ স্থানত আছে৷