ডিজিটেল ডেস্কঃ ৰাজনীতি কৰা লোকসকল প্ৰতিপত্তিশীল বুলি মানুহৰ মনত ধাৰণা হয়৷ কিয়নো ৰাজনীতিলৈ আহি মন্ত্ৰী-বিধায়ক হোৱাৰ পিছতেই সোঁৱে-বাৱে কোৰোণাৰে ধন চপাই নিশাৰ ভিতৰতে কোটি কোটি টকাৰ গৰাকী হয় একো একোগৰাকী জনপ্ৰতিনিধি৷ বিলাসী ঘৰ, দালান, বিলাসী গাড়ীৰ গৰাকী হৈ জীৱন ধাৰণৰ প্ৰণালী সলনি হয় কিছুদিনৰ ভিতৰতে৷ কিন্তু মানুহে তেনেদৰে ধাৰণা কৰে যদিও ৰাজনীতিত এতিয়াও সৎ মানুহ আছে৷
এনে মুখ্যমন্ত্ৰী আছে যাৰ একাউন্টত মাথো দুহেজাৰ টকাহে থাকে৷ যাক সৎ ৰাজনীতিক বুলি কোৱা হয়৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুযায়ী অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু দেশৰ সকলোতকৈ ধনী মুখ্যমন্ত্ৰী৷ নাইডুৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৭৭ কোটি টকা৷ সোমবাৰে এছচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফাৰ্মে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ পৰিমাণৰ তালিকা প্ৰকাশ কৰে৷