Home গুৱাহাটীকথা শুনিলে মুখ্যমন্ত্ৰীৰ! মহানগৰীৰ পাঞ্জাবাৰীৰ মছজিদত দুৰ্বৃত্তই পেলালে গাহৰিৰ মাংস

কথা শুনিলে মুখ্যমন্ত্ৰীৰ! মহানগৰীৰ পাঞ্জাবাৰীৰ মছজিদত দুৰ্বৃত্তই পেলালে গাহৰিৰ মাংস

by News Next One
A+A-
Reset

গুৱাহাটীঃ মন্দিৰ চৌহদত গো-মাংস উদ্ধাৰৰ চাঞ্চল্যৰ মাজতে এইবাৰ মছজিদৰ কাষৰ পৰা গাহৰি মাংস উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে খোদ গুৱাহাটী মহানগৰীত। গুৱাহাটীৰ পাঞ্জাবাৰীৰ পুৰণবস্তি অঞ্চলৰ ঈদগাহ মছজিদত সংঘটিত হৈছে এই ঘটনা।

শনিবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে মছজিদ চৌহদত গাহৰিৰ মাংসৰ টোপোলা পেলাই থৈ যায়। এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। মছজিদ কৰ্তৃপক্ষই ইতিমধ্যে আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰিছে। এই ঘটনাক লৈ স্থানীয় লোকসকলৰ মাজত ক্ষোভ দেখা গৈছে। মছজিদ চৌহদত থকা চি চি টিভি কেমেৰাত স্কুটীৰে অহা এজন ব্যক্তিয়ে মাংসৰ টোপোলা দলিয়াই থৈ যোৱা স্পষ্টকৈ দেখা গৈছে।

ঈদগাহ মছজিদ সমিতিয়ে এই কাৰ্যক নিন্দা জনাইছে আৰু পুলিচক দ্ৰুত তদন্তৰ দাবী জনাইছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে মন্দিৰত গৰুৰ মাংস পেলোৱাৰ প্ৰতিবাদত মছজিদত গাহৰিৰ মাংস পেলোৱাৰ এক বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁৰ এই মন্তব্যৰ পিছতেই এনে ঘটনা সংঘটিত হোৱাত কিছুমানে ইয়াক মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰভাৱ বুলি অভিহিত কৰিছে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মাংসৰ টোপোলা জব্দ কৰাৰ লগতে এখন ৰহস্যজনক পত্ৰও উদ্ধাৰ কৰিছে। বৰ্তমান এই ঘটনাৰ সঠিক কাৰণ উলিয়াবলৈ তদন্ত চলি আছে। আনফালে এই ঘটনা সংঘটিত হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ আন এক বিতৰ্কিত মন্তব্য আগবঢ়ায়।

ছয়মাইলৰ ফ্লাই অভাৰ উদ্বোধন কৰাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয়, মন্দিৰত গৰু মাংস পৰিলে মছজিদতো গাহৰি মাংস পৰিব। মুখ্যমন্ত্ৰীৰ এনে সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ ৰাজনীতিত পুনৰ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

একাংশ লোকৰ দাবী, মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই দুষ্কৃতিকাৰীক এনে দুষ্কাৰ্য সংঘটিত কৰিবলৈ আৰু অধিক উত্সাহ প্ৰদান কৰিব। এনে মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব বুলিও একাংশ লোকে চৰ্চা কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয়, গৰু মাংস পেলালেও আন্দোলন কৰিব লাগে, গাহৰি মাংস পেলালেও প্ৰতিবাদ কৰিব লাগে।

এনে মন্তব্যৰে প্ৰতিবাদ নিবিচৰা মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষয়ত আন্দোলন বা প্ৰতিবাদ হোৱাটো বিচাৰিছে নেকি তাক লৈও প্ৰশ্ন উত্থাপন হ’ব। লগতে প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, এনে ঘটনা সংঘটিত কৰা ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু লক্ষণীয় কথাটো হৈছে, পূৰ্বতে মন্দিৰ চৌহদত গো মাংস পেলোৱা ব্যক্তিৰ বিৰুদ্ধে কোনো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হোৱা নাই। যাৰ বাবে পুনৰ একেই পদ্ধতিৰে মছজিদক লক্ষ্য কৰি লোৱা হৈছে নেকি, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0