গুৱাহাটীঃ আগন্তুক লোকসভাৰ নিৰ্বাচনত চি পি আই (এম) দলে ৫ নং কোকৰাঝাৰ (অনুসূচিত জনজাতি) আৰু ১৪ নং লক্ষীমপুৰ সমষ্টিত প্ৰাৰ্থী থিয় কৰাব। যোৱা ১২ মাৰ্চত অনুষ্ঠিত পাৰ্টীৰ ৰাজ্যিক কমিটীৰ বৈঠকত এই সিদ্ধান্ত চূড়ান্ত কৰা হয়। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে চি পি আই (এম) অসম ৰাজ্যিক কমিটীৰ সম্পাদক দেবেন ভট্টাচাৰ্যই৷

চি পি আই (এম)ৰ ৰাজ্যিক কমিটীয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী কোকৰাঝাৰ সমষ্টিত প্ৰগতিশীল ছাত্র-যুৱ আন্দোলনৰ নেতা তথা নিষ্ঠাৱান সমাজকৰ্মী বিৰাজ ডেকাক পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। 

আনহাতে লক্ষীমপুৰ লোকসভা সমষ্টিত নিকা আৰু উজ্জ্বল ভাবমূৰ্তিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক অমিয় কুমাৰ সন্দিকৈক চি পি আই (এম) দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 

এইবেলিৰ নিৰ্বাচনত চি পি আই (এম) দলে বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিসমূহক পৰাস্ত আৰু ক্ষমতাৰপৰা উৎখাত কৰাটো মূল লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছে। উল্লেখ্য যে কেৱল ক্ষমতালিপ্সাত মতলীয়া হৈ অসম গণ পৰিষদে ৰাজ্যৰ জনসাধাৰণক চৰম বিশ্বাসঘাতকতা কৰি সাম্প্ৰদায়িক বিজেপিৰ সৈতে পুনৰ নীতিহীন জোঁটবন্ধন গঢ়ি তুলিছে। 

সেয়ে অসমতো বিজেপিজোঁট-বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ উদ্দেশ্যে পাৰ্টিয়ে মাত্ৰ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনটোৰ জৰিয়তে কেন্দ্ৰত এখন বিকল্প ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা আৰু সংসদত বাওঁপন্থী প্ৰতিনিধিৰ সংখ্যা বৃদ্ধিৰ বাবে পাৰ্টিয়ে নিষ্ঠাৰে কাম কৰিব। 

চি পি আই (এম) তথা অন্যান্য বাওঁদলৰ উমৈহতীয়া প্ৰাৰ্থী নথকা সমষ্টিবোৰত পাৰ্টিয়ে বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিসমূহক পৰাস্ত কৰিব পৰা আটাইতকৈ শক্তিশালী ধৰ্মনিৰপেক্ষ প্ৰাৰ্থীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াব।