newsnextone.com | গুৱাহাটীঃ অসম আৰক্ষীৰ বাধাক কেৰেপ নকৰি পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বুধবাৰে বীৰদৰ্পে গুৱাহাটীত উপস্থিত হয় কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়ীয়াই৷ বুধবাৰে দিনৰ প্ৰায় ১১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় প্ৰবীণ টোগাড়ীয়াই৷ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে হিন্দুত্ববাদী নেতাজনত শতাধিক যুৱকে আদৰি আনে৷ টোগাড়ীয়াই প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু পিছতেই উগ্ৰতাৰা মন্দিৰত উপস্থিত হয়৷ দুয়োট মন্দিৰত পূজা-অৰ্চনা কৰি ৰাজ্য চৰকাৰক টোগাড়ীয়াই তীব্ৰ আক্ৰমণ কৰে৷

টোগাড়ীয়াই সংবাদ মাধ্যমক মুখামুখী হৈ বাৰে বাৰে গুৱাহাটী আৰক্ষীক আয়ুক্তক সাক্ষাৎ কৰি তেওঁক কিয় অসম ভ্ৰমণত বাধা প্ৰদান কৰা হৈছিল সেই কথা জানিব বিচৰাৰ কথা উল্লেখ কৰে৷ বৰ্তমানৰ বিজেপি চৰকাৰ খন কংগ্ৰেছীকৰণ হোৱাৰ ফলতে ৰাজ্যৰ বিজেপি চৰকাৰে কংগ্ৰেছৰ দৰেই তেওঁৰ মুখ বন্ধ কৰিব খুজিছে বুলি কয়৷
বাংলাদেশী সন্দৰ্ভত তীৰ্যক মন্তব্য প্ৰকাশ কৰি নাগকৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰে৷ মুছলমানক প্ৰব্ৰজনকাৰী আখ্যা দি মুছলমান অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে বুলি কয়৷ বাংলাদেশৰ হিন্দুসকলক আনি সংস্থাপন কৰাৰ দায়িত্ব নিজেই লম বুলি কয়৷ 

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতিগৰাকীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি ভাৰতীয় সেনাক বাংলাদেশত সোমাই বাংলাদেশৰ মাটিত তাৰ পৰা অহা বাংলাদেশীক কলণী খোলাৰ পাৰমৰ্শ দিয়ে চৰকাৰক৷ অসম চৰকাৰে মাত্ৰ ১৭ জন বাংলাদেশী খেদিছে বুলি কটুক্তি কৰি মাটি-ভেটিৰ কথা কোৱা চৰাকৰে প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বুলি কয়৷ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ৫০ লাখ অবৈধ বাংলাদেশী অসমত থকা বুলি কোৱাৰ কথা উল্লেখ কৰি ১৭জনহে বাংলাদেশী খেদি বুলি কৈ চৰকাৰক উভতি ধৰে৷ বিজেপি শাসিত ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম দেখুৱাবলৈহে কৰি থকা বুলি কৈ দেশ তথা অসমৰ হিন্দুৰ সকলো দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ 

বাংলাদেশীয়ে দখল কৰা সত্ৰৰ ভূমি উচ্ছেদ কৰাত বিজেপি চৰকাৰ বিফল হোৱা বুলি কয়৷ বিজেপিয়ে অসমক সুৰক্ষা দিয়াত বিফল হোৱাৰ বাবেই অসম এতিয়া গ্ৰেটাৰ বাংলাদেশ হ’বলৈ ওলোৱা বুলি অভিযোগ উত্থাপন কৰি অসমত এতিয়াও ৫০ লাখ অবৈধ বাংলাদেশী বাস কৰি আছে বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে টোগাড়ীয়াই৷ অসম-বাংলাদেশ সীমান্তৰ কাটা তাৰৰ বেৰ নিদিয়াতো ক্ষোভ ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বিষয়-ববীয়াৰে সৈতে সন্ধিয়া নেতাগৰাকীয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰে।

উল্লেখ্য যে, কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়ীয়াক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণত বাধা প্ৰদান কৰাত সোচ্চাৰ হৈ পৰিছিল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ নামৰ সংগঠনটোৰ নেতা-কৰ্মীয়ে৷ বিশেষকৈ প্ৰবীণ টোগাড়ীয়াক অসম ভ্ৰমণত বাধা প্ৰদান কৰা বুলি অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ১৮-১৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া হিন্দু সমাজ তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ হিন্দু মহাসভাৰ কাৰ্যসূচীত প্ৰবীণ ভাই টোগাড়ীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল৷ 

কিন্তু টোগাড়ীয়াক প্ৰশাসনে অসম ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা নাই৷ অসমলৈ আহি সভাত অংশ কৰিবলৈ অসম চৰকাৰে কট্টৰ হিন্দুত্ববাদী নেতাজনক ভ্ৰমণৰ অনুমতি প্ৰদান নকৰাত সোচ্চাৰ হৈ পৰিছে হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতি৷ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে আৰএছএছে বাধা দিয়াৰ বাবেই প্ৰবীণ টোগাড়ীয়াক অসমলৈ অহাত বাধা দিয়া বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে৷

প্ৰবীণ ভাই টোগাড়ীয়াক অংশগ্ৰহণ কৰাত সোণোৱাল চৰকাৰে বাধা আৰোপ কৰাত প্ৰতিবাদ জনায় বজৰং দলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভুৱা প্ৰতিশ্ৰুতি সমূহৰ বিৰোধিতা কৰি মোডী আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰিছিল বজৰং দলে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি নৰেন্দ্ৰ মোডী সৰ্বানন্দ-সোণোৱাল হায় হায়, লেই লেই চেই চেই, প্ৰবিণ টোগাড়ীয়া জিন্দাবাদ শ্ল’গানৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে বজৰং দলৰ নেতা-কৰ্মীয়ে৷

কট্টৰ হিন্দুত্ববাদী, প্ৰাক্তন বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ টোগাড়ীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁক সংঘৰ্ষত হত্যা কৰিব পাৰে বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ যোৱা ১৪ জানুৱাৰীত গুজৰাটৰ নিজৰ আবাসৰ পৰা নিৰুদ্দেশ হৈছিল প্ৰবীণ টোগাড়ীয়া৷ প্ৰায় ১২ ঘণ্টাৰ মূৰকত প্ৰবীণ টোগাড়ীয়াক আহমেদাবাদত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল৷ 

তাৰ পিছতে প্ৰবীণ টোগাড়ীয়াক পুনৰ হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ মাৰ্চ মাহত গুজৰাটৰ চুৰাটত এখন ট্ৰাকে খুন্দিয়াই হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ টোগাড়ীয়াই বুলেটপ্ৰুফ গাড়ীত গৈ থকা অৱস্থাত এখন ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াইছিল নেতাগৰাকীক৷ তাৰ পিছতে নেতাজনৰ সৈতে বজৰং দল, আৰএছএছ, বিজেপিৰ সৈতে মনোমালিন্য আৰম্ভ হৈছিল৷ যোৱা কেইবা মাহ ধৰি চিধা-চিধিকৈ নহ’লেও প্ৰবীণ টোগাড়ীয়াই বিজেপি চৰকাৰ একাংশ বিজেপি নেতা আৰু আৰএছএছ নেতাক আক্ৰমণ কৰি আহিছে৷ ফলত বিশ্ব হিন্দু পৰিষদত এলাগী নেতা হৈ পৰে৷ তাৰ মাজতে অসম ভ্ৰমণত বাধা প্ৰদান কৰাত পুনৰ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে প্ৰবীণ টোগাড়ীয়াই৷