Home ৰাজ্যনাওবৈছা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে প্ৰদানেই প্ৰধান! ঘনিষ্ঠক সভাপতি পতাৰ যো-জা, ভাইৰেল অডিঅ’

নাওবৈছা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে প্ৰদানেই প্ৰধান! ঘনিষ্ঠক সভাপতি পতাৰ যো-জা, ভাইৰেল অডিঅ’

by News Next One
A+A-
Reset

লখিমপুৰঃ পঞ্চায়তীৰাজ ব্যৱস্থাৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে চূড়ান্ত ভেকোভাওনা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ কথা আৰু কামৰ যে কোনো মিল নাই সেয়া প্ৰায় প্ৰতিটো সমষ্টিটোত পঞ্চায়তৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত স্পষ্ট হৈ পৰিছে। দিনদিয়েক পূৰ্বে কামৰূপৰ টপাটলীত এগৰাকী পঞ্চায়ত সদস্যই ধনৰ বিনিময়ত সভাপতিক সমৰ্থন দিয়া ৰচিদ ভাইৰেল হৈ পৰাৰ পিছত এইবাৰ লখিমপুৰ জিলাৰ নাওবৈচাত ভাইৰেল হৈ পৰিছে এটি বিশেষ ফোনকল।

সম-অধিকাৰৰ কথা কোৱা সংস্কাৰী দলটো লখিমপুৰ জিলাখনত এতিয়া যে কেইজনমান নেতাৰ পৈতৃক সম্পত্তি সদৃশ হৈ পৰিছে সেয়া উক্ত ফোন কলটোৱে স্পষ্ট কৰি তুলিছে৷ সমগ্ৰ ঘটনাটোত সাঙোৰ খাই পৰিছে বিজেপিৰ সাংসদ প্ৰদান বৰুৱাৰ নাম। ফোন কলটো ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ লগতে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকো সাংসদ প্ৰদান বৰুৱাই গুৰুত্ব নিদি পঞ্চায়তৰ সভাপতি নিৰ্বাচনত নিকৃষ্ট খেল খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

সদস্যই গোপনে পঞ্চায়ত সভাপতি নিৰ্বাচন কৰাৰ অধিকাৰ নিজৰ হাতত ৰাখি প্ৰদান বৰুৱাই উত্তৰ অসমত বিজেপিৰ উঠি ৰজা বহি ৰজা হোৱাৰ অভিযোগ আনিছে একাংশ বিজেপি নেতাই৷ নাম প্ৰকাশত অনিচ্ছুক লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ একাংশ বিজেপি নেতাই নাওবৈচা সমষ্টিত পঞ্চায়তসমূহত সভাপতি কোন হ’ব সেই সিদ্ধান্ত পূৰ্বেই লৈ থোৱা বুলি কয়৷ একাংশ নেতাৰ এনে অভিযোগক সত্য প্ৰমাণিত কৰিছে আজি ভাইৰেল হৈ পৰা এটা অডিঅ’ ক্লিপে৷

এই অডিঅ’ কলটো পোহৰলৈ অহাৰ পিছতে প্ৰদান বৰুৱাৰ নেতৃত্বত লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিত পঞ্চায়তীৰাজ ব্যৱস্থাৰ নামত চূড়ান্ত ভেঁকোভাওনা চলিছে বুলি উত্থাপিত হৈ অহা অভিযোগ সত্য হৈ পৰিছে বুলি দাবী কৰিছে বিৰোধী কংগ্ৰেছে। “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ কথা আৰু কামৰ কোনো মিল নাই। সেয়া ভাইৰেল অডিঅ’টোৱে স্পষ্ট কৰি তুলিছে।”- এইদৰে কয় স্থানীয় এগৰাকী অ-বিজেপি পঞ্চায়ত সদস্যই।

ইফালে, উত্থাপিত অভিযোগ অনুযায়ী সমষ্টিটোৰ প্ৰায়বোৰ পঞ্চায়ততে সভাপতি নিৰ্বাচনত উঠিপৰি লাগিছে লখিমপুৰৰ বিজেপিৰ সাংসদ প্ৰদান বৰুৱা আৰু তেওঁৰ একাংশ ঘনিষ্ঠ। সভাপতি নিৰ্বাচনত প্ৰক্ৰিয়াত থকা পঞ্চায়ত সদস্যৰ অধিকাৰ কাঢ়ি সাংসদগৰাকীয়ে ঘনিষ্ঠ লোকৰ জৰিয়তে নাওবৈচাৰ প্ৰতিটো সমষ্টিতে নিজৰ মানুহৰ সভাপতি পতাৰ যো-জা চূড়ান্ত কৰি তুলিছে।

নিজকে নাওবৈচাৰ ভাবী বিধায়ক বুলি দাবী কৰি অহা সাংসদ প্ৰদান বৰুৱাৰ সাংসদ প্ৰতিনিধি তথা প্ৰাক্তন কাউন্সিলাৰ বসন্ত দাস নামৰ পালিনেতাজনৰ এটা ফোনকলে এই সকলো কথা জলজল-পটপট কৰি তুলিছে। ইতিমধ্যে ভাইৰেল হৈ পৰা ফোনকলটোত পালিনেতা বসন্তই সুনীল নাথ নাম এগৰাকী নৱ-নিৰ্বাচিত পঞ্চায়ত সদস্যক সাংসদ প্ৰদানৰ বৰুৱাৰ নিৰ্দেশতে নাওবৈচাৰ প্ৰতিটো পঞ্চায়ততে সভাপতিৰ নাম ঘোষণা হ’ব বুলি স্পষ্টকৈ কোৱা শুনা গৈছে।

দুয়োজনে বাৰ্তালাপ কৰি অডিঅ’টোত সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠ বসন্ত দাসে স্পষ্টকৈ কয় যে নাওবৈছাৰ পঞ্চায়তসমূহত সভাপতি কোন হ’ব তাক লৈ চিন্তা কৰি লাভ নাই৷ সভাপতি কোন হ’ব সেয়া ইতিমধ্যে ঠিক কৰি থৈছে প্ৰদান বৰুৱাই৷ কোনেটা পঞ্চায়তত কোন সভাপতি হ’ব সেয়া নিৰ্বাচিত কৰি থৈছে৷ বিজেপি দলে কেৱল ঘোষণাহে কৰিব৷

ধ্ৰুৱ নামৰ লোক এজনৰ কথা উল্লেখ কৰি বসন্ত দাসে কয়, ”মই ধ্ৰুৱ দাক কেনেকৈ সভাপতি বনাম? ধ্ৰৱ দাই অকলে অকলে ঘূৰি আছে৷ বাকী বেলেগবোৰ এফালে আছে৷’’ ধ্ৰুৱ নামৰ লোকজনে মিছাতে প্ৰদান বৰুৱাৰ লগত লাগি লৈছে বুলিও কয় বসন্ত দাসে৷

ভাইৰেল ফোন কলটোক লৈ এতিয়া নাওবৈচাত বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এনেদৰে এতিয়া হিমন্তৰাজত পঞ্চায়তীৰাজ ব্যৱস্থাৰ নামত চলিছে বিজেপিৰ সাংসদ, বিধায়কৰ মইমতালি। এনে মইমতালি সহিব নোৱাৰি এতিয়া ভিতৰি ভিতৰি ক্ষুব্ধ হৈ পৰিছে নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত একাধিক পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্য। বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰিছে বহু নৱনিৰ্বাচিত পঞ্চায়ত সদস্যই।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0