গুৱাহাটীঃ তিনি ৰাজ্যত ক্ষমতা হেৰুৱাই চিন্তাত পৰিছে বি জে পি। উপায়হীন হৈ লজ্জাজনকভাৱে সামান্য পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ দিল্লীত সংবাদ মেল সম্বোধন কৰিছে অসমৰ বি জে পি চৰকাৰে। দেশৰ ৰাজনীতি কেতিয়াও নোহোৱা-নোপোজা ঘটনা ঘটাইছে বি জে পিৰ চৰকাৰখনে। এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ নেতাজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে।
উল্লেখ যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী দিল্লীত এখন সংবাদ মেল সম্বোধন কৰিছিল।