গুৱাহাটীঃ তিনি ৰাজ্যত ক্ষমতা হেৰুৱাই চিন্তাত পৰিছে বি জে পি। উপায়হীন হৈ লজ্জাজনকভাৱে সামান্য পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ দিল্লীত সংবাদ মেল সম্বোধন কৰিছে অসমৰ বি জে পি চৰকাৰে। দেশৰ ৰাজনীতি কেতিয়াও নোহোৱা-নোপোজা ঘটনা ঘটাইছে বি জে পিৰ চৰকাৰখনে। এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ নেতাজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে।

উল্লেখ যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী দিল্লীত এখন সংবাদ মেল সম্বোধন কৰিছিল।

উক্ত সংবাদ মেলত মুখ্যমন্ত্ৰী সোণোৱাল আৰু শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কৈছিল যে কংগ্ৰেছ দলটো বেইমান দল আৰু কংগ্ৰেছ দলটোৰ সভাপতি ৰাহুল গান্ধীৰ মুখ্যমন্ত্ৰী হোৱাৰো যোগ্যতা নাই।

মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ এনে মন্তব্যৰ পাছতে এতিয়া মুখ খুলিছে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে। সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে বি জে পিয়ে হয়তো কংগ্ৰেছ দলৰ ইতিহাস নাজানে।

যিটো দলৰ ১৩৩ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস আছে, দেশৰ জনসাধাৰণৰ মাজত সেই দলটোৰ ইতিহাস অধ্যয়ন কৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই। ব্ৰিটিছৰ কবলৰপৰা দেশ স্বাধীনতা কৰাৰপৰা জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে এক কৰা কংগ্ৰেছ দল যদি বেইমানী হয় তেন্তে স্বাধীনতা আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ আন্দোলনত ব্ৰিটিছক সমৰ্থন কৰা বি জে পিক কি বুলি অভিহিত কৰিব পাৰি সেইয়া অসমৰ মানুহে জানে।

আনকি তেওঁ এই বুলিও কয় যে যিসকল মানুহে ভাৰত ত্যাগ আন্দোলনক বিৰোধিতা কৰিছিল সেইসকল লোকক আজি বি জে পি আৰু আৰ এছ এছে দেৱতাৰ দৰে জ্ঞান কৰে। তাতেই গম পোৱা যায় আচলতে বেইমান কোন?

যিয়ে দেশত ৰাজনীতি নামত এতিয়া ধৰ্মীয় মেৰুকৰণ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছে সেই দলটো আজি বেইমানৰ দল নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।

লগতে তেওঁ কয় যে কংগ্ৰেছ দলে দেশত বহু দিন শাসন কৰিলে। কিন্তু কেতিয়াও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ দিল্লীত সংবাদ মেল সম্বোধন কৰি নাপালে বুলি উল্লেখ কৰে।

ইয়াৰ উপৰিও তেওঁ কয় যে বি জে পিয়ে এতিয়া মহাত্মা গান্ধী, বল্লভ ভাই পেটেলৰ দৰে মহান ব্যক্তিসকলক 'হাইজেক' কৰিছে আৰু আনফালে দীনদয়ালৰ নিচিনা ব্যক্তিক স্বাধীনতা আন্দোলনৰ নায়ক হিচাপে অভিহিত কৰিবলৈ চেষ্টা কৰিছে।

সংবাদ মেলতে প্ৰাক্তন বৰদলৈয়ে কয় যে যি সময়ত অসমৰ মানুহে মুখ্যমন্ত্ৰীজনক জাতীয় নায়ক হিচাপে আখ্যা দি গৌৰৱ কৰিছিল সেইজন মানুহে এতিয়া ক্ষমতাৰ লালসাত অৰুণ জেটলী দৰে মানুহৰ ভৰিত ধৰিছে।

জাতীয় নায়ক এতিয়া হৈ থকাটো বাদেই অসমৰ ইতিহাসৰ এতিয়া দ্বিতীয়জন বদন হ'বলৈ গৈ আছে বুলিও উল্লেখ কৰে। হিমন্ত বিশ্ব শৰ্মাক সাৰদা কেলেংকাৰী, লুইচ বাৰ্জাৰ কেলেংকাৰীৰ  লগত জড়িত বুলি এদিন সোণোৱালে সমালোচনা কৰিছিল, এতিয়া সেই কেলেংকাৰীৰ মহানায়কবোৰকে ক্ষমতা স্বাৰ্থত তেওঁ আদৰি লৈছে বুলিও কংগ্ৰেছ নেতাজনে মন্তব্য কৰে।

সৰ্বানন্দ সোণোৱালে জাতি-মাটি-ভেটি ৰক্ষা কথা ডিঙিৰ শিৰ ফুলাই ফুলাই কয়, কিন্তু কাষত লৈ ফুৰা মানুহবোৰক অসমীয়া জাতি নিঃশেষ কৰাত উৎসাহ যোগায় বুলিও তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াতেই উজনি অসমৰ তিনিচুকীয়া জিলাত  চোৰাং কয়লা ব্যৱসায় চলি আছে বুলি অভিযোগ কৰে। তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড় জিলাৰ এছ পি, ডি এছ পি, বন বিভাগ এতিয়া সোণোৱালৰ হাতৰ মুঠিত বুলিও গুৰুত্ব অভিযোগ উত্থাপন কৰে বৰদলৈয়ে।