newsnextone.com | ডিজিটেল ডেস্কঃ আস্থা ভোটৰ পূৰ্বেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে বিজেপি আৰু কৰ্ণাটকৰ ৰাজ্যপালক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ আৰু আন আন দলে৷ বিধানসভাত আবেগিক ভাষণ প্ৰদান কৰি বিএছ য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমে তীব্ৰ আক্ৰমণ কৰে ৰাজ্যপাল ভেজুভাই বালাক৷ সঞ্জয় নিৰুপমে কয় যে এই খন দেশত আনুগত্য প্ৰকাশ কৰি নতুন ইতিহাস ৰচিলে ভেজুভাই বালাই৷
এইখন দেশৰ প্ৰায় মানুহে এতিয়া কুকুৰৰ নাম ভেজুভাই বালা ৰাখিব৷ কিয়নো ইয়াতকৈ বেছি আনুগত্য প্ৰকাশ আন কোনেও কৰিব নোৱাৰে৷ কংগ্ৰেছ নেতাই এনেদৰে আক্ৰমণ কৰাৰ পিছতে বিজেপিয়ে সোচ্চাৰ হৈ পৰে৷ ৰাজ্যপালগৰাকীক এনেদৰে অসাংবিধানিক শব্দৰে আক্ৰমণ কৰাৰ পিছতে বিজেপিয়ে উভতি ধৰে কংগ্ৰেছক৷