চামগুৰি/বঢ়মপুৰঃ চামগুৰিত শনিবাৰে ছাডেন ভিজিটেৰে নগাঁও জিলা বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক ব্য়স্ত হৈ থাকিবলৈ বাধ্য কৰে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এচ'ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত বৃক্ষ ৰোপণ আৰু বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা বনমন্ত্ৰী প্ৰমিলাই ছাডেন ভিজিট কৰে চামগুৰিকে ধৰি নগাওঁ-কাৰ্বি আংলং সীমান্তৱৰ্তী পাহাৰীয়া বনাঞ্চলসমূহত।

ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা বন মাফিয়াৰ আক্ৰমণত তচনচ হোৱা উদমাৰি বিট অফিছ পৰিদৰ্শন কৰি আশ্চৰ্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। চামগুৰি আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি আৰক্ষীক শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈকো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

ইফালে পাৰ্কুপ পাহাৰৰ বন ধ্বংস যজ্ঞ দেখি হতচকিত হৈ পৰে মন্ত্ৰীগৰাকী। ক্ৰোধান্বিত বনমন্ত্ৰীগৰাকীয়ে পাৰ্কুপ আঞ্চলিক বন বিষয়াজনক ধমক দিয়াৰ লগতে শীঘ্ৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সহযোগত সমগ্ৰ ঘটনা সন্দৰ্ভত

বনমন্ত্ৰীগৰাকীয়ে চোৰাং কাঠৰ বেহাৰ সৈতে বন বিভাগৰে কোনো বিষয়া-কৰ্মী জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰে। বন বিভাগৰ এনে দুৰ্দশা ৰোধ কৰিবলৈ ৰাজ্যত শীঘ্ৰেই  ৫২৫টা খালী পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলিও সদৰী কৰে বনমন্ত্ৰীগৰাকীয়ে। 

মন্ত্ৰীগৰাকীয়ে পুৰণিগুদামৰ পাৰঘাট বৃক্ষৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰাৰ লগতে নিজ হাতেৰে বিতৰণো কৰে। ইফালে, বন মন্ত্ৰীগৰাকীৰ ছাডেন ভিজিটত সম্পূৰ্ণ দিনটো থৰহৰি কম্পমান যেন হৈ থাকে নগাওঁ জিলা বন বিভাগৰ আমোলা-বিষয়াসকল।