গোৰেশ্বৰঃ সাগৰিকাৰ আজন্ম প্ৰেমিকগৰাকীৰ আজি বিয়া৷ গোপনে বিয়াত বহিব ওলাইছে সাগৰিকাৰ প্ৰেমিকে৷ কিন্তু সাগৰিকাক বিয়া কৰোৱা নহ’ল কবিৰ৷ হয়, অসমৰ নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ, জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ আজি বিয়া৷ আজি যুগ্ম জীৱনৰ পাতনি মেলিলে প্ৰনৱে। "সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ" কবিতাৰে চিনাকী হৈ পৰা কবি প্ৰণৱ বৰ্মনে আজি যেন প্ৰেয়সীৰ ঠিকনা অৱশেষত বিচাৰি পালে।

তুমি সাগৰিকা বৰদলৈ, যি হ'ব মোৰ প্ৰেয়সী, নৰকত গান আৰু গোলাপ, চুইচাইড নোট আদি কেবাখনো কাব্যপুথিৰে অসমীয়া কাব্য জগতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱাৰ লগতে কবিতা প্ৰেমী সকলৰ হাৰ্টথ্ৰৱ কবি প্ৰণৱ কুমাৰ বৰ্মনে জীৱনৰ লগৰীক বিচাৰি পালে বাক্সা জিলাৰ গোৰেশ্বৰত। বিষন্ন প্ৰেয়সীৰ স্মৃতি, কলকতাৰ বেশ্যা দিল্লীৰ বৰষুণ, সন্দিকৈ কলেজ, হু ইছ অখিল গগৈ নামেৰে কেইবাখনো উপন্যাসেৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰা নলবাৰী জিলাৰ পাইকাৰকুছিৰ নিবাসী প্ৰণৱ কুমাৰ বৰ্মন দৰা সাজত আজি হোমৰ গুৰিত বহিব।

কইনা বাক্সা জিলাৰ গোৰেশ্বৰৰ পৰী শৰণীয়া, নাট্যজগতৰ চিনাকী আৰু পৰিচিত এটি নাম। কেবাখনো টিভি ধাৰাবাহিকৰ অন্যতম অভিনেত্ৰী পৰী শৰণীয়া গোৰেশ্বৰ আৰু গুৱাহাটীত কেইবাটাও নাট্যানুষ্ঠানৰ সৈতে জড়িত থাকি নাট্য চৰ্চাত ব্যস্ত হৈ আছে। কবিতা আৰু নাটকৰ মাজেৰে সান্নিধ্যলৈ অহা কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু পৰী শৰণীয়াৰ আজি বিবাহ উপলক্ষে গোৰেশ্বৰত সাংস্কৃতিক ক্ষেত্ৰত জড়িত লোকসকলৰ মাজত দেখা যায় বিশেষ উৎসাহ আৰু উদ্দীপনা।

ইপিনে কইনাঘৰত দেখা গৈছে এক ব্যতিক্ৰমী পৰিবেশ। আধুনিকতাৰ ধামখুমীয়াত পৰি পাহৰি যোৱা কিছু পুৰণি কথাক ৰোমন্থন কৰে বিয়াৰ পৰিৱেশে। সম্পূর্ণ ৰভা সজা হৈছে কলপাত, তালপাত আৰু নাৰিকলৰ পাতেৰে। বিয়াৰ ৰভাস্থলীত লগাই থোৱা প্ৰকৃতিৰ সুৰক্ষাৰ বাৰ্তাৰ লগতে স্বচ্ছতা সম্পৰ্কীয় কেইবাটাও বাণীয়ে অভ্যাগতৰ দৃষ্টি আকৰ্ষণ কৰে। ইপিনে প্লাষ্টিক জাতীয় সমাগ্ৰীৰ পৰিৱৰ্তে গছৰ পাতৰ থাল, বাতি, কলৰ চটিয়া আদি ব্যৱহাৰ কৰা হৈছে বিবাহ থলীত। একপ্ৰকাৰ প্ৰকৃতিৰ সৈতে বন্ধুত্ব সুলভ ভাৱে জীৱন নিৰ্বাহৰ এক সুন্দৰ বাৰ্তা বিলাই বিয়াখনে। তাতে আকৌ দৰা কবি প্ৰণৱ কুমাৰ বৰ্মন, সেয়ে কইনাঘৰীয়াৰ গাত ত’ত নাইকীয়া।