ডিজিটেল ডেস্কঃ ষট পূজা ভাৰত বিখ্যাত৷ ভাৰত বৰ্ষৰ চুকে-কোণে থকা বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই পূজা পালন কৰে৷ বিশেষকৈ বিহাৰত এই পূজা মহা-ধুমধামেৰে পালন কৰা হয়৷ বিহাৰী সম্প্ৰদায়ৰ লোকে মুলতে বিহাৰত এই উৎসৱ পালন কৰে৷ এই বেলিও ২৬-২৭ অক্টোবৰত দেশ জুৰি পালন কৰে৷ তাৰ মাজতে ষট্ পুজাৰ এখন ফটো ভাইৰেল হৈ পৰিছে দেশত৷ ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰৈ এই ফটো খন বিহাৰৰ কোনো এখন গাঁৱৰ বুলি ধাৰণা কৰা হৈছে৷

কেংগেৰু আকৃতিৰ এটি ডাষ্টবিনত একাংশ মহিলাই সেৱা কৰি পূজা কৰা পৰিলক্ষিত হৈছে৷ কোনো ধর্মীয় দেৱতা জ্ঞান কৰি ভুলৱশত গ্ৰাম্য মহিলাসকলে সেৱা কৰি পূজা কৰা দেখা গৈছে। ফুল আৰু পানী ছটিয়াই ডাষ্টবিনত পুজা আৰম্ভ কৰে মহিলাসকলে। ডাষ্টবিনটোৰ সমুখ ভাগত সাষ্টাংগে প্ৰণামো কৰে মহিলা কেইগৰাকীয়ে। এই ফটো যোৱা দুদিন ধৰি ভাইৰেল হৈ পৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ স্বচ্ছ ভাৰত গঢ়াৰ সপোনৰ অভিযান দেশৰ প্রতিটো কোণতে বিয়পি পৰিছে৷

চাৰিওফালে কেৱল স্বচ্ছতা কথা৷ কিন্তু স্বচ্ছতা সম্পর্কে আকৌ দেশবাসীৰ ধাৰণা কেনে ধৰণৰ তাৰেই এক প্ৰকৃত উদাহৰণ দেখা পোৱা গ’ল বিহাৰৰ কোনো এখন গাঁৱত৷ ৬২,০০০ কোটি টকাৰ প্রকল্প কৰি প্রশাসনে যিমান ঢাক-ঢোল বজাই আছে, তাৰ বিপৰীতে কিন্তু গাঁও অঞ্চলত সামান্য এটা ডাষ্টবিন সম্পর্কেও ন্যুনতম ধাৰণা নাই মানুহৰ, সেয়া স্পষ্ট হৈ পৰিল৷