internet
internet

newsnextone.com | ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়া ভ্ৰমণলৈ গৈ এখন মঞ্চত এগৰাকী প্ৰৱাসী ফিলিপাইন মহিলাৰ ওঁঠত চুমা খাই পুনৰ বিতৰ্কত সাঙুৰ খালে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰদ্ৰিগো দুতেৰ্তে৷ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে বিষয়তো সাধাৰণ ধেমালিহে আছিল বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷

জানিব পৰা মতে, দক্ষিণ কোৰিয়াৰ এখন সভাত আমন্ত্ৰিত আছিল ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰদ্ৰিগো দুতেৰ্তে৷ সভাৰ এক বঁটা বিতৰণী অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ উঠি আহিছিল এগৰাকী প্ৰৱাসী ফিলিপাইন সুন্দৰী৷

ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰি উভটিব লওতেই ৰদ্ৰিগোই মহিলাগৰাকীলৈ লক্ষ্য কৰি নিজৰ ওঁঠহাল চুই ‘উপহাৰৰ বাবদ মোৰ পাবলগীয়া চুমা ক’ত?’ বুলি প্ৰশ্ন কৰে৷

ৰাষ্ট্ৰপতি গৰাকীৰ আচৰণত মহিলাগৰাকী হতচকিত হৈ পৰে যদিও শেষত উপায়ন্তৰ হৈ তেওঁ ৰাষ্ট্ৰপতিৰ ওঁঠত চুমা খাবলৈ বাধ্য হয়৷ চুমা লাভ কৰাৰ পিছতে ৰাষ্ট্ৰপতি দুতেৰ্তেই মহিলাগৰাকীক কয়, ‘স্বামীক বুজাবা যে এয়া এক ধেমালিৰ বাহিৰে আন একো নহয়৷ যদি সাধাৰণ ভাষাত কোৱা হয়, তেন্তে এয়া মাথো এক আশ্বৰ্য৷’

ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়টো সহজ ভাৱে ভাৱিলেও ৰাষ্ট্ৰপতিগৰাকীৰ কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰখনৰ নাৰী অধিকাৰ আৰু মানৱ অধিকাৰ সংগঠনসমূহ৷ ৰাষ্ট্ৰপতি দুতেৰ্তেই নাৰী বিদ্বেষৰ বহিঃপ্ৰকাশ হিচাপে মঞ্চত এনে আচৰণ সঘটিত কৰা বুলি দল-সংগঠন সমূহে দাবী কৰিছে৷

নাৰী অধিকাৰ আন্দোলনকাৰী ৰাজনৈতিক দল গ্যাব্ৰিয়েলাই এক বিবৃতি যোগে কয়, ‘দক্ষিণ কোৰিয়াত কৰ্মৰত ফিলিপাইন লোকসকলৰ সৈতে দেখা কৰিবলৈ গৈ প্ৰকাশ্যে এগৰাকী প্ৰৱাসী ফিলিপাইন মহিলাক চুম্বন কৰা কাৰ্যই ৰাষ্ট্ৰপতিগৰাকীৰ নাৰী বিদ্বেষী জঘন্য মনৰ পৰিচয় দিছে৷’

ৰাষ্ট্ৰপতিগৰাকীয়ে ইচ্ছা অনুযায়ী এগৰাকী মহিলাৰ মানহানি, অশ্ৰদ্ধা আৰু অপমান কাণ্ড সংঘটিত কৰিছে বুলিও দাবী কৰে সংগঠনটোৱে৷  

উল্লেখ্য যে, মাদক দ্ৰব্য নিবাৰণ আৰু আৰু মানৱ অধিকাৰ নীতিৰ নামত মহিলাই স্বেচ্ছাচাৰিতা চলাই যোৱা বুলি ফিলিপাইন ৰাষ্ট্ৰপতি ৰদ্ৰিগো দুতেৰ্তেই কেইবাবাৰো ৰাজহুৱা ভাৱে নাৰীক সমালোচনা কৰি আহিছে৷

আনকি ৰাষ্ট্ৰপতি গৰাকীয়ে নাৰী বিদ্বেষৰ প্ৰমাণ দি ফিলিপাইনছ বিচাৰ বিভাগৰ মাৰিয়া লুদেৰ্ছ নামৰ এগৰাকী মহিলা বিষয়াক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল৷