ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৰাজ্যসভাৰ বাবে চাৰিগৰাকী লোকক শুকুৰবাৰে মনোনীত কৰে৷ দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ৪গৰাকী লোকক মনোনীত কৰে৷ ৰাকেশ সিনহা, ৰাম সকল, ৰঘুনাথ মহাপাত্ৰ আৰু সৈনাল মান সিঙক মনোনীত কৰে ৰাষ্ট্ৰপতিয়ে৷ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ৪ গৰাকী লোকৰ নাম মনোনীত কৰে৷
ইয়াৰে ৰাকেশ সিং দিল্লী বিশ্ববিদ্যালয়ৰ অধিনৰ মতিলাল নেহেৰু কলেজৰ প্ৰৱক্তা আৰু আৰএছএছ বিচাৰক৷ ১৯৮০ চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হৈ দিল্লী বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ সম্পাদকৰ পদত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ কিন্তু ৰাকেশ সিনহাই জয়ী হ’ব পৰা নাছিল৷ প্ৰায়ে আৰএছএছৰ হৈ নিউজ চেনেলত বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ ফলত এটা পৰিচিত চেহেৰা ৰাকেশ সিনহা৷ বামদল সন্দৰ্ভতো দীৰ্ঘ সময়ত অধ্যয়ন কৰা বুলি জনা যায় সিনহাই৷ সিনহাই আৰএছএছৰ প্ৰধান হেডগেবাৰৰ নামত গ্ৰন্থ লিখিছিল৷