outlook
outlook

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৰাজ্যসভাৰ বাবে চাৰিগৰাকী লোকক শুকুৰবাৰে মনোনীত কৰে৷ দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ৪গৰাকী লোকক মনোনীত কৰে৷ ৰাকেশ সিনহা, ৰাম সকল, ৰঘুনাথ মহাপাত্ৰ আৰু সৈনাল মান সিঙক মনোনীত কৰে ৰাষ্ট্ৰপতিয়ে৷ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ৪ গৰাকী লোকৰ নাম মনোনীত কৰে৷

ইয়াৰে ৰাকেশ সিং দিল্লী বিশ্ববিদ্যালয়ৰ অধিনৰ মতিলাল নেহেৰু কলেজৰ প্ৰৱক্তা আৰু আৰএছএছ বিচাৰক৷ ১৯৮০ চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হৈ দিল্লী বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ সম্পাদকৰ পদত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ কিন্তু ৰাকেশ সিনহাই জয়ী হ’ব পৰা নাছিল৷ প্ৰায়ে আৰএছএছৰ হৈ নিউজ চেনেলত বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ ফলত এটা পৰিচিত চেহেৰা ৰাকেশ সিনহা৷ বামদল সন্দৰ্ভতো দীৰ্ঘ সময়ত অধ্যয়ন কৰা বুলি জনা যায় সিনহাই৷ সিনহাই আৰএছএছৰ প্ৰধান হেডগেবাৰৰ নামত গ্ৰন্থ লিখিছিল৷ 

ৰাম সকল দলিত কৃষক নেতা৷ উত্তৰ প্ৰদেশৰ লোক হোৱাৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে কাম কৰে ৰাম সকলে৷ ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ৰাৱাৰ্টগঞ্জৰ পৰা ৩ বাৰ বিজেপিৰ সাংসদ নিৰ্বাচিত হৈছিল৷ ২০০৪ চনত ৰাম সকলক টিকট দিয়া নাছিল বিজেপিয়ে৷ এসময়ত আৰএছএছ জিলা প্ৰচাৰক হোৱাৰ লগতে আৰএছএছৰ সৈতে ভাল সম্পৰ্ক আছে ৰাম সকলৰ৷ টিকট লাভ নকৰাৰ ফলত ৰাজনীতিৰ পৰা সন্যাস লৈছিল ৰাম সকলে৷ কিন্তু ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভাৰ সদস্য হিচাপে মনোনীত কৰে৷ 

ৰঘুনাথ মহাপাত্ৰ শিল্পকলাৰ সৈতে জড়িত লোক৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি আছে ৰঘুনাথ মহাপাত্ৰৰ৷ ২০১৩ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰা হয়৷ ইয়াৰ পূৰ্বে পদ্মভূষণ আৰু শিল্পকলা বঁটাও লাভ কৰিছিল৷ দেশত প্ৰায় ২০০০ ছাত্ৰক শিল্পকলাৰ প্ৰশিক্ষণ দিয়ে৷ ইমানে নহয় সংসদ ভৱনৰ ভগৱান সূৰ্যৰ ফটো ৰঘুনাথ মহাপাত্ৰই অংকণ কৰা৷

সৈনল মান সিং এগৰাকী সমাজকৰ্মী৷ অডিচি ডান্সৰ অন্যতম মুৰব্বী, ভাল বক্তা, শিক্ষক আৰু কৰিঅ’গ্ৰাফাৰ৷ অ’ডিচি আৰু ভাৰত নাট্যমৰ শিল্পী৷ ভাৰতীয় পৌৰাণিক নৃত্যক ধৰি ৰখা লোক৷ বহু পুৰষ্কাৰ লাভ কৰাৰ লগতে পদ্মভূষণ সন্মান লাভ কৰিছিল৷