মঙলদৈঃ আৰক্ষীৰ বৰ্বৰ প্ৰহাৰত এগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে যোৱা ৪০ ঘন্টাত দৰং জিলাৰ ধূলাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছিল যদিও ক্ৰমান্বয়ে স্বাভাৱীক হ’ব ধৰিছে পৰিৱেশ৷ আৰক্ষীৰ প্ৰহাৰত হাচান আলী নামৰ লোকজনৰ মৃত্যু হোৱাত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহি ঘাই পথ অৱৰোধ কৰাৰ লগতে ধূলা থানা ঘেৰাও কৰাৰ সময়তে আৰক্ষীৰ গুলীত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ উত্তেজনা ক্ৰমান্বয়ে শাম কাটিছে দৰং জিলাৰ ধূলাত৷

আনহাতে, শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা দৰং জিলাৰ দণ্ডাধীশে ধূলা অঞ্চলৰ পৰা সান্ধ্য আইন বাতিল কৰে৷ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত সান্ধ্য আইন বাতিল কৰে যদিও ১৪৪ ধাৰা বাহাল থাকিব বুলি কয় প্ৰশাসনে৷ ধূলা অঞ্চলত ক্ৰমান্বয়ে স্বাভাবিক পৰিস্থিতি উভতি আহিব ধৰা দেখা গৈছে৷ শুকুৰবাৰে পুৱাৰে পৰা দোকান-পোহাৰ খোলা দেখা গৈছে৷ চক বজাৰত মানুহৰ সমাগম হোৱাওঁ দেখা গৈছে৷

তাৰ মাজতে, প্ৰৱজন বিৰোধি মঞ্চৰ উপদেষ্টা তথা অধিবক্তা উপমন্যু হাজৰিকাই শুকুৰবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ তীব্ৰ সমালোচনা কৰি খিলঞ্জীয়া বিৰোধি চৰকাৰ আখ্যা দিয়ে৷ বিজেপিয়ে অসমীয়াক ঘাত মাউৰা কৰা বুলি অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰে খিলঞ্জীয়াক গুৰুত্ব নিদিয়ে বুলি কয়৷ ভোটৰ স্বাৰ্থত সন্দেহযুক্ত নাগৰিকক, সন্দেহযুক্ত বাংলাদেশীক তৈলমৰ্দন কৰিছে বিজেপিয়ে৷ বিজেপিয়ে খিলঞ্জীয়াৰ ভূমি বেদখল মুক্ত নকৰিলে৷

সংবাদমেলত হাজৰিকাই দৰং জিলাৰ ধূলা কাণ্ডত আৰক্ষী সঞ্চালক প্ৰধান, মন্ত্ৰী, বিধায়কে খবৰ লবলৈ অহাত বিজেপি চৰকাৰক উভতি ধৰে৷ দৰং জিলাৰ কুৰুৱাত আনন্দ দাস নামৰ এগৰাকী কৃষকক সন্দেহযুক্ত নাগৰিকে হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাত আনন্দ দাসৰ ঘৰত মন্ত্ৰী, বিধায়ক, উচ্চ পদস্থ বিষয়া উপস্থিত নোহোৱাত ক্ষোভ ব্যক্ত কৰে৷ আনহাতে অবৈধ নাগৰিকক উচ্ছেদৰ কথা কলে চৰকাৰে খিলঞ্জীয়াৰ বিৰুদ্ধে গোচৰ তৰে বুলিও অভিযোগ উত্থাপন কৰে উপমন্যু হাজৰিকাই।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ ভোটৰ স্বাৰ্থত একাংশ বেদখলকাৰীৰ পক্ষত থিয় হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে উপমন্যু হাজৰিকাই। ধূলা কাণ্ডৰ ঘটনা তদন্ত নকৰাকৈয়ে ঘটনা স্থলীত দুজনকৈ মন্ত্ৰী উপস্থিত হৈ ভূক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বিপৰীতে কুৰুৱাত বেদখলকাৰীৰ হাতত খিলঞ্জীয়া আনন্দ দাসৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ মন্ত্ৰী, এজনো উচ্চ পদস্থ বিষয়া উপস্থিত নোহোৱাত ক্ষোভ ব্যক্ত কৰে প্ৰৱজন বিৰোধী মঞ্চৰ উপদেষ্টা উপমান্যু হাজৰিকাই৷ ধূলা কাণ্ডৰ দৰে আনন্দ দাসৰ হত্যাৰ সময়ত চৰকাৰে আৰক্ষী বিষয়াক কিয় নিলম্বন নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে৷