ডিজিটেল ডেস্কঃ দেশত আধাতে বিদ্যালয় এৰা বা একেবাৰে বিদ্যালয়লৈ নোযোৱা শিশুৰ ভিতৰত অনুসূচীত জাতি, জনজাতি আৰু মুছলিম সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বাধিক৷ এই কথা জানিবলৈ দিয়ে মানৱ সংসাধন বিকাশ ৰাজ্য মন্ত্ৰী উপেন্দ্ৰ কুশবাহা৷

লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, সংশ্লিষ্ট জিলা শিক্ষা সূচনা প্ৰণালী অনুসৰি দেশত মধ্যম শ্ৰেণীৰ শিশুৱে বিদ্যালয় ত্যাগ কৰাৰ সংখ্যাতকৈ মুছলমান, জনজাতি আৰু অজনজাতি শিক্ষাৰ্থীৰ সংখ্যা সৰ্বাধিক৷

লোকসভাত মন্ত্ৰী উপেন্দ্ৰ কুশবাহাই দাখিল কৰা হিচাপ অনুসৰি মধ্যম শ্ৰেণীৰ শিশুৱে বিদ্যালয় এৰাৰ হাৰ ৪.১৩ শতাংশ হোৱাৰ বিপৰীতে অনুসূচিত জাতিৰ ৪.৪৬ শতাংশ, অনুসূচিত জনজাতিৰ হাৰ হ’ল ৬.৯৩শতাংশ আৰু মুছলমান সম্প্ৰদায়ৰ ৬.৫৪ শতাংশ জানিব পৰা গৈছে৷

ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে পৰ্যায় অনুসৰি বিদ্যালয় ত্যাগ কৰাৰ হিচাপ দাখিল কৰে লোকসভাত৷ উচ্চ প্ৰাথমিক শিক্ষাত মধ্যম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয় এৰাৰ হাৰ হ’ল ৪.০৩ শতাংশ৷ আনহাতে অনুসূচিত জাতিৰ ৫.৫১, অনুসূচিত জনজাতিৰ ৮.৫৯ আৰু মুছলমানৰ ৯.৪৯ শতাংশ৷ 

মাধ্যমিক বিদ্যালয়ৰ হিচাপ অনুসৰি  মধ্যম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয় এৰাৰ হাৰ হ’ল ১৭.০৬ শতাংশ, অনুসূচিত জাতিৰ ১৯.৩৬, অনুসূচিত জনজাতিৰ ২৪.৬৮ শতাংশ আৰু মুছলমানৰ হাৰ হ’ল ২৪.১২ শতাংশ৷ তদুপৰি সোমবাৰে দেশত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা নিম্নগামী হৈ অহাৰ কথাও ঘোষণা কৰে৷

লোকসভাত জনঅধিকাৰ পাৰ্টিৰ সাংসদ ৰাজেশ ৰঞ্জনে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰি উপেন্দ্ৰ কুশবাহাই কয়, সংশ্লিষ্ট জিলা শিক্ষা সূচনা প্ৰণালী অনুসৰি দেশত প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা কমি আহিছে৷ ২০১৪-১৫ বৰ্ষত ৭.১২ লাখ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা নিম্নগামী হৈ ৭.০৮ লাখ হোৱা বুলি উল্লেখ কৰে মানৱ সংসাধন বিকাশ মন্ত্ৰী উপেন্দ্ৰ কুশবাহাই৷