newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছক৷ শনিবাৰে জয়পুৰত অনুষ্ঠিত কৰা যোজনাৰ লাভৰ বাবে সংবাদ শীৰ্ষক অনুষ্ঠানত কেইবা হাজাৰ লোকৰ সন্মুখত ভাষণ প্ৰদান কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়৷
ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজ, ৰাজ্যপাল কল্যাণ সিঙৰ উপস্থিতিত মোডীয়ে ২১০০ হাজাৰ কোটি টকাৰ উন্নয়নৰ আঁচনি উপহাৰ দিয়া বুলি কৈ ১৩ খন চহৰৰ বিশেষ বিশেষ আঁচনিৰ শিলান্যাস কৰে জয়পুৰৰ পৰাই৷ মোডীয়ে ১২টা বিশেষ আঁচনিৰ লাভালাভ সন্দৰ্ভত বিভিন্ন লোকৰ অনুভৱৰ ভিডিঅ’ ৰাজহুৱা কৰে৷