82
লণ্ডনঃ এইবাৰ কৰ’না ভাইৰাছ প্ৰৱেশ কৰিলে ব্ৰিটিছ ৰাজপৰিয়ালতো। বিবিচিত প্ৰকাশিত বাতৰি অনুযায়ী বুধবাৰে ব্ৰিটিছ ৰাজপৰিয়ালৰ ৭১ বছৰীয়া প্ৰিন্স চাৰ্লছৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ।
ৰাজপৰিয়ালৰ সূত্ৰই সদৰী কৰা মতে, প্ৰিন্স চাৰ্লছৰ দেহত সামান্য পৰিমাণে কৰ’নাৰ উপসৰ্গ দেখা দিছে। অৱশ্যে এতিয়াও চাৰ্লছ একপ্ৰকাৰ সুস্থ বুলি জনাইছে ৰাজপৰিয়ালৰ এগৰাকী প্ৰবক্তাই।