News Next One
Published on News Next One (https://newsnextone.com)

Home > কোকৰাঝাৰত নাগালেণ্ড, কেৰেলা, শ্বিলঙৰ তীৰ-লটাৰীৰ অবাধ প্ৰচলন, সষ্টম আৰক্ষী

Tuesday 13th of March 2018 03:03 pm  | by NNO Digital Bureau  |  0

কোকৰাঝাৰঃ ৰাজ্যত মদ, জুৱা, তীৰৰ অবাধ প্ৰচলন হৈ অহা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ এটি অসাধু চক্ৰই আৰক্ষীক মেনেজ কৰি মদ, জুৱা, তীৰৰ অবাধ প্ৰচলন চলাই থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে কোকৰাঝাৰ আৰক্ষী সষ্টম হৈ পৰিছে জুৱাৰীৰ বিৰুদ্ধে৷

কোকৰাঝাৰ সদৰ চহৰকে ধৰি জিলা খনৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি অবৈধভাৱে নাগালেণ্ড লটাৰী আৰু তীৰ খেলৰ প্ৰচলন অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই যোৱা পৰিলক্ষিত হৈছে৷ ২৪ ঘন্টা পূৰ্বে অভিযান চলাই কোকৰাঝাৰ আৰক্ষীয়ে তিনিজনকৈ তীৰখেলৰ টিকট বিক্ৰেতাক আটক কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে কোকৰাঝাৰৰ কোৰ্টপাৰাৰ জাহাংগীৰ আলম, বাবলু সেন, টেঙাপাৰাৰ মুকুল ঘোষক আটক কৰে৷ কোকৰাঝাৰৰ ডিএছ পি কৰিশ্মা নাহিদ আৰু কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বি বসুমতাৰীৰ নেতৃত্বত চহৰখনৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত বহু পৰিমাণৰ অবৈধ নাগালেণ্ড লটাৰী-তীৰখেলৰ টিকট সহ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰত বহু বছৰ ধৰি নাগালেণ্ড লটৰী, কেৰেলা, মেঘালয় আৰু শ্বিলঙৰ তীৰ আৰু লটাৰী খেলৰ টিকট অবৈধ ভাৱে বিক্ৰী কৰি অহাৰ অভযোগ উত্থাপন হৈ আগিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ শেহতীয়াকৈ আৰক্ষীয়ে অভিযান চলাই অবৈধ লটাৰী-তীৰ খেলৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ইয়াৰে জুৱাৰীক লোকক আটক কৰাত ৰাইজে শলাগ লয়৷

 

Scroll To Top

Copyright © <?php echo date('Y') ?> <?php $site_name = variable_get('site_name', 'Drupal'); print $site_name; ?>. All rights reserved. NewsNextOne is an Assamese 24x7 News Portal run by Progressive Educational Trust, Guwahati. Chief Editor: Dr. Dinesh Baishya. Website design & hosting provided by Rongjeng Technologies Pvt Ltd.

Source URL: https://newsnextone.com/police-action-against-gambler-india