News Next One
Published on News Next One (https://newsnextone.com)

Home > অগপৰ জ্যেষ্ঠ অগপ নেতা ভৱ বৰাৰ মৃত্যু

17 Apr

অগপৰ জ্যেষ্ঠ অগপ নেতা ভৱ বৰাৰ মৃত্যু [1]

By NNO Correspondent 0 Comments [2]

মৰিয়নীঃ মৰিয়নী নকছাৰীৰ অগপৰ জ্যেষ্ঠ নেতা ভৱ বৰাৰ আজি মৃত্যু হয়। কিছু দিনৰ পৰা অসুস্থ হৈ থকা বৰাক ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে নিয়া অৱস্থাতে তেখেতে মৃত্যুক আকোৱালী লয়।

নগালেণ্ডৰ শিক্ষা পৰিকল্পনা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা বৰা অসম গন পৰিষদৰ প্ৰতিষ্ঠাপক সাধাৰন সদস্য আছিল। বিধান সভা নিৰ্বাচনত অসম গন পৰিষদ দলৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হিচাপে দুবাৰকৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল প্ৰয়াত বৰাই। মৃত্যু সময়লৈকে বৰা অসম নগালেণ্ড শান্তি সমন্বয় সমিতিৰ সভাপতি পদত আছিল। মৃত্যু সময়লৈকে আঞ্চলিকতাবাদত বিশ্বাস ৰখা ভৱ বৰাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://newsnextone.com/senior%2Bagp%2Bleader%2Bdied

Links
[1] https://newsnextone.com/senior%2Bagp%2Bleader%2Bdied
[2] https://newsnextone.com/senior%2Bagp%2Bleader%2Bdied/#comments