News Next One
Published on News Next One (https://newsnextone.com)

Home > নলবাৰীৰ চিত্ৰশিল্পী খছনুৰ আহমেদৰ অনন্য একান্ত নীৰৱ সাধনা

22 May

নলবাৰীৰ চিত্ৰশিল্পী খছনুৰ আহমেদৰ অনন্য একান্ত নীৰৱ সাধনা [1]

By NNO Correspondent 0 Comments [2]

নলবাৰীঃ ৰং আৰু তুলিকা লৈ সময় পাৰ কৰিছে চিত্ৰশিল্পী খছনুৰ আহমেদে। একান্ত নীৰৱ সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে চলাই যোৱা শিল্পকৰ্মৰে নলবাৰীৰ শিল্পী সমাজত, সমাজ জীৱনত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আহমেদে। নলবাৰী জিলাৰ পানীগাঁৱত ১৯৫৩ চনৰ ২ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা শিল্পী খছনুৰ আহমেদে বৰ্তমান নলবাৰী চহৰৰ শান্তিপুৰত নিগাজিকৈ বসবাস কৰি নিজ গৃহতে নিৰলভাৱে শিল্পকৰ্ম চলাই আছে। 

নলবাৰী মহাবিদ্যালয়ৰপৰা ১৯৭৫ চনত স্নাতক(কলা) ডিগ্ৰী লৈ আৰু বি মিউজ(ভায়োলিন), ছবি শিক্ষা লাভ কৰি আহমেদে গোবিন্দ চৌধুৰী, গুৰুজী আদ্য শৰ্মা আৰু প্ৰণৱ শৰ্মাৰ সান্নিধ্যত শিল্পকৰ্মৰ সৈতে একান্তভাৱে জড়িত হৈ পৰে। এই তিনিওগৰাকী বৰেণ্য ব্যক্তিৰ সান্নিধ্যতে ৰূপকোঁৱৰ থিয়েটাৰত সহযোগ কৰিবলৈ সুযোগ পাইছিল আৰু পিছলৈ আহমেদে অপৰূপা থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰৰ কলা নিৰ্দেশক হিচাপেও দায়িত্ব লাভ কৰিছিল। 

ইয়াৰ মাজতে শিল্পী আহমেদে নলবাৰীৰ শান্তিপুৰত কবি পংকজ গোবিন্দ মেধিৰ উদ্যোগত জন্ম লাভ কৰা শ্ৰীভাৰতী সংগ্ৰহালয় আৰু পাগলাদিয়া কলা বীথিকা (পাকবী'০৬)ৰ সৈতে জড়িত হৈ পৰে। শ্ৰীভাৰতী আৰু 'পাকবী ০৬'ৰ সপ্তদশ সংখ্যক অনুষ্ঠানত অসম সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে চিত্ৰশিল্পী খছনুৰ আহমেদৰ দ্বাৰা গামোচাত অংকিত এশবছৰৰ সভাপতিসকলৰ প্ৰতিকৃতিৰে 'বৰণীয় শতবৰ্ষ' শীৰ্ষক প্ৰদৰ্শনীৰ আয়োজন কৰি শিল্পীগৰাকীয়ে নলবাৰীৰ বৌদ্ধিক সমাজখনৰপৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। 

বিভিন্ন স্থানত স্মাৰক-তোৰণ নিৰ্মাণ কৰাৰ উপৰি আহমেদে প্ৰায় দুহেজাৰ গামোচাত বিশিষ্ট তথা বৰেণ্য ব্যক্তিসকলৰ ছবি অংকণ কৰি ৰাইজৰপৰা মৰম আৰু আশীৰ্বাদ লাভ কৰিছে। এইসমূহ ছবিৰ ভিতৰত সাহিত্যিকসকলৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কণ্ঠশিল্পী জুবিন গাৰ্গ, দৌৰবিদ হিমা দাস আদিও আছে। বিভিন্ন গ্ৰন্থ-আলোচনীৰ বেটুপাত, অনুষ্ঠান-প্ৰতিষ্ঠানসমুহৰ প্ৰতীকচিহ্ন প্ৰস্তুত কৰি অহা শিল্পী আহমেদে কল্পনাৰ ছবি নহয়, বাস্তৱিক ছবি অংকণতহে গুৰুত্ব দি অহা বুলি মন্তব্য কৰিছে।

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://newsnextone.com/nalbari-art-khasun1

Links
[1] https://newsnextone.com/nalbari-art-khasun1
[2] https://newsnextone.com/nalbari-art-khasun1/#comments