News Next One
Published on News Next One (https://newsnextone.com)

Home > পুনৰ এবাৰ মোডী চৰকাৰ... BJP+ ৩৪২, Cong+ ৯৩

23 May

পুনৰ এবাৰ মোডী চৰকাৰ... BJP+ ৩৪২, Cong+ ৯৩ [1]

By NNO WEB BUREAU 0 Comments [2]

গুৱাহাটীঃ এগজিট প’লৰ ফলাফলক শুদ্ধ প্ৰমাণিত কৰি লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই পুনৰ বিপুল সংখ্যাগৰিষ্ঠাতাৰে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ আগ বাঢ়িছে৷

বিয়লি ৩ বজালৈকে লাভ কৰা ফলাফল অনুসৰি এনডিএই ৩৪৫ খন আসনত হয় আগ বাঢ়ি আছে নহয় বিজয় সাব্যস্ত কৰিছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলে এতিয়ালৈকে ৯৩ খন আসনত আগ বাঢ়ি আছে বা জয়ী হৈছে৷

বিজেপি বা কংগ্ৰেছৰ লগত মিত্ৰতা নকৰা দলসমূহে মুঠ ১০৪ খন আসনত হয় আগবাঢ়ি আছে বা জয়ী হৈছে৷ 

এতিয়ালৈকে লাভ কৰা ফলাফলে পুনৰ এনডিএৰ চৰকাৰ গঠনৰ বাট স্পষ্ট কৰেছে৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উদযাপন আৰম্ভ হৈ গৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যাপক প্ৰভাৱ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ প্ৰচাৰে প্ৰশমিত কৰিব নোৱাৰাটোকেই প্ৰমাণ কৰিলে৷

ৰাহুল গান্ধীৰ ‘চকীদাৰ চোৰ হ্যেঁ’ প্ৰচাৰ অৱশেষত অতি বেয়াকৈ বিফল হ’ল৷ অকল বিফলেই নহয়, ই কংগ্ৰেছৰ বাবে বুমেৰাংত পৰিণত হৈ পৰিল৷ ৰাফাল জেট ক্ৰয়ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উদ্যোগপতি অনিল আম্বানীক পৃষ্ঠপোষকতা কৰা বুলি অভিযোগ তুলি ৰাহুল গান্ধীয়ে ‘চকীদাৰ চোৰ হ্যেঁ’ শ্ল’গানেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল৷

অকল সিমানেই নহয়, ৰাহুল গান্ধীয়ে আমেথি সমষ্টিত প্ৰতিদ্বন্দ্বী স্মৃতি ইৰাণীতকৈ পিছ পৰি থকাটোৱে নেতাজনৰ ৰাজনৈতিক অস্তিত্বলৈকে ভাবুকি মাতি আনিছে৷ কংগ্ৰেছৰ বিফলতাৰ পাছত বৃহস্পতিবাৰে ইউপিএৰ অধ্যক্ষা ছনিয়া গান্ধী, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা মিলিত হা আধা ঘণ্টা আলোচনা কৰে৷

সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পাছত কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰকেইখনলৈয়ো ভাবুকি অহাৰ সম্ভাৱণা আছে৷ 

এইবাৰৰ নিৰ্বাচনত ২০১৪ চনৰ ফলাফলতকৈও উত্তম ফলাফল দেখুৱাবলৈ বিজেপি সক্ষম হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে এই বিজয়ক ভাৰতে আকৌ জয়লাভ কৰিলে বুলি মন্তব্য কৰে। তেওঁ কয়, ''আমি একেলগে আগবাঢ়োঁ, আমি একেলগে বিকাশ কৰোঁ। আমি একেলগে শক্তিশালী আৰু সৰ্বাংগীন ভাৰত গঢ়িম’’।

উল্লেখ্য যে ২০১৪ত এনডিএই ৩৩৬ খন আসন লাভ কৰাৰ বিপৰীতে এইবাৰ ৩৪৫ খন আসন লাভৰ দিশত আগ বাঢ়িছে। অনহাতে পশ্চিমবংগত দলটোৱে মমতা বেনাৰ্জীৰ তৃৰ্ণমূল কংগ্ৰেছৰ সমানে সমানে যুঁজ দি ৰাজ্যখনত নিজৰ স্থিতি সুদৃঢ় কৰি ল’লে। ৰাজ্যখনৰ ৪২ খন আসনৰ ২২ খনত তৃৰ্ণমূল কংগ্ৰেছৰ হাতলৈ যোৱাৰ বিপৰীতে বিজেপিয়ে ১৯ খন আসনত বিজয়ৰ দিশে আগ বাঢ়িছে। 

মহা জোঁটবন্ধনৰ ক্ষেত্ৰত আগভাগ লোৱা অন্ধ্রপ্ৰদেশৰ মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডুৰ চিডিপিয়ে পুতৌজনক ফলাফল প্ৰদৰ্শন কৰিলে। দলটোৱে এখনো লোকসভা আসন দখল কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ বিপৰীতে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৱাইএছ আৰ জগনমোহন ৰেড্ডীৰ ৱাইএছআৰচিয়ে অন্ধ্ৰপ্ৰদেশৰ ১০ খন আসনৰ ১০ খনেই লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনতো ১৭৫ জনীয়া বিধানসভাত ৱাইএছআৰচিয়ে ১৪১ খন আসনত আগ বাঢ়ি চৰকাৰ গঠনৰ দিশে আগ বাঢ়িছে।

Author

NNO WEB BUREAU's picture

NNO WEB BUREAU


Source URL: https://newsnextone.com/bjp-win-election-2019

Links
[1] https://newsnextone.com/bjp-win-election-2019
[2] https://newsnextone.com/bjp-win-election-2019/#comments