News Next One
Published on News Next One (https://newsnextone.com)

Home > টুইটাৰৰ মালিকো সাৰি নোযোৱা 'ছিম হেকিং'... সাৱধান হওক, সুৰক্ষিত থাকক

06 Sep

টুইটাৰৰ মালিকো সাৰি নোযোৱা 'ছিম হেকিং'... সাৱধান হওক, সুৰক্ষিত থাকক [1]

By NNO ONLINE BUREAU 0 Comments [2]

 

টুইটাৰৰ প্ৰতিষ্ঠাপক তথা চিইঅ' জেক দৰ্চী পৰিছে মহা বিপদত। তেওঁৰ টুইটাৰ একাউণ্টত যোৱা সপ্তাহৰ পৰা বহুতো আপত্তিজনক টুইট দেখিবলৈ পোৱা গৈছে। সকলো হতবাক জেক দৰ্চীৰ আচলতে হৈছে কি! কিন্তু মানুহৰ বুজিবলৈ বেছি পৰ নালাগিল যে জেক দৰ্চীৰ টুইটাৰ একাউণ্ট হেক হৈছে। টুইটাৰত এছএমএছৰ জৰিয়তেও টুইট কৰিব পৰা ব্যৱস্থা আছে। কোনো দুষ্টচক্ৰই জেক দৰ্চীৰ ফ’ন নম্বৰ কব্জা কৰি এছএমএছৰ জৰিয়তে তেওঁৰ একাউণ্টৰ পৰা টুইট কৰি আছিল। এই কথা পোহৰলৈ অহাৰ পাছতেই টুইটাৰ কৰ্তৃপক্ষই এছএমএছৰ জৰিয়তে টুইট কৰিব পৰা ব্যৱস্থা বন্ধ কৰি দিছে। চাবলৈ গ’লে এয়া অতি ভয়াৱহ কথা। খোদ টুইটাৰৰ চিইঅ’ৰ একাউণ্টেই যদি হেক হয় তেন্তে সাধাৰণ লোকৰ নিৰাপত্তা ক’ত? এই উত্তৰ পোৱা গ’ল তেতিয়া, যেতিয়া গম পোৱা গ’ল জেক দৰ্চী ছিম শ্বোৱেপ ফ্ৰডৰ চিকাৰ হৈছে। কি এই ছিম শ্বোৱেপ ফ্ৰড?

 

ছিম শ্বোৱেপ ফ্ৰডঃ

 

সাধাৰণ মানুহে টেকনিকেল কথাবোৰ বুজিবলৈ অলপ অসুবিধা পায়। সেয়ে সৰলকৈ ক’বলৈ উভতি গৈছো মহাভাৰতৰ যুগলৈ। কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত হোৱাৰ পাছত কৌৰৱ ৰজা ধৃতৰাষ্ট্ৰই ভীমক আলিংগন কৰাৰ ইচ্ছা ব্যক্ত কৰে। কিন্তু দূৰদৰ্শী কৃষ্ণই বুজি পাইছিল যে ধৃতৰাষ্ট্ৰই তেওঁৰ বাহুবন্ধনত সোমোৱাই ভীমক মাৰি পেলোৱাৰ পাং পাতিছে। সেয়ে কৃষ্ণই ভীমৰ আকৃতিৰ এক লোহাৰ মূৰ্তি অন্ধ ধৃতৰাষ্ট্ৰলৈ আগবঢ়াই দিয়ে। লোহাৰ মূৰ্তিটোকে ভীম বুলি ভাবি ধৃতৰাষ্ট্ৰই গাৰ সমস্ত জোৰেৰে গবা মাৰি ধৰে। ফলত লোহাৰ মূৰ্তিটো খণ্ড বিখণ্ড হৈ যায় আৰু এনেদৰে পাণ্ডৱ ভীমৰ প্ৰাণৰক্ষা পৰে। ছিম শ্বোৱেপিং ঠিক এনেকুৱাই। পাৰ্থক্য মাথো এটাই যে কৃষ্ণই ভীমৰ জেগাত  লোহাৰ মূৰ্তিটো শ্বোৱেপ কৰিছিল ভীমৰ জীৱন ৰক্ষা কৰিবলৈ কিন্তু ছিম শ্বোৱেপ ফ্ৰডত হেকাৰে আপোনাৰ নামত এখন ছিম এক্টিভ কৰাই আপোনাৰ ক্ষতি কৰিবলৈহে উঠিপৰি লাগে। হেকাৰে আপোনাৰ নামত ছিমখন এনেদৰে শ্বোৱেপ কৰি এক্টিভ কৰে যে মানুহে সেইখন আপোনাৰে ছিম বুলি ভাবিবলৈ বাধ্য।

 

ছিম শ্বোৱেপ ফ্ৰডে কৰা লোকচানঃ


১. আপোনাৰ নম্বৰ ধুনীয়াকৈ ব্যৱহাৰ কৰি থাকিব পাৰিব হেকাৰে।
২. আপোনাৰ নেট ডাটা সুন্দৰকৈ ব্যৱহাৰ কৰি হেকাৰে ছ’চিয়েল মিডিয়াত বিচৰণ কৰিব পাৰিব।
৩. আপোনালৈ অহা ফ’ন কল, মেছেজ হেকাৰৰ ওচৰলৈ যায়।
৪. আপোনাৰ বেংক একাউণ্টৰ সৈতে যদি আপোনাৰ ফোন নম্বৰ লিংক কৰাই থোৱা আছে তেন্তে ছিম শ্বোৱেপ ফ্ৰডৰ জৰিয়তে আপোনাৰ একাউণ্টৰ ধন খালী কৰিবলৈ হেকাৰৰ বেছি সময়ৰ প্ৰয়োজন নাই।
৫. হেকাৰে অটিপিৰ জৰিয়তে আপোনাৰ আটাইকেইটা অনলাইন একাউণ্ট কব্জা কৰিব পাৰিব। 
৬. মুম্বাইৰ এজন ব্যৱসায়ীৰ বেংক একাউণ্টৰ পৰা এনেদৰে ছিম শ্বোৱেপৰ জৰিয়তে এবাৰ হেকাৰে ১কোটি ৪৭ লাখ টকা লুটিছিল।

 

আপোনাৰ ছিম আপোনাৰ ওচৰত আছে, তেন্তে হেকাৰে হেক কৰিব কেনেকৈঃ


♦ ইয়াৰ বাবে আপোনাৰ ছিমখন বেলেগ ম’বাইল ফোনত লগোৱাৰ প্ৰয়োজন নাই। দূৰত বহি থাকিয়েই এই কাম কৰিব পাৰি।

♦  হেকাৰে বেলেগ বেলেগ পদ্ধতিত আপোনাৰ তথ্য চুৰি কৰে। ইয়াৰ পাছত সেই তথ্যৰে ম’বাইল ফোনৰ কাষ্টমাৰ কেয়াৰত এক বিশ্বাস জন্মায় যে সেয়া হেকাৰ নহয়, আপুনিয়েই হয়।  

♦  ইয়াত কাষ্টমাৰ কেয়াৰ ধৃতৰাষ্ট্ৰৰ দৰে। ধৃতৰাষ্ট্ৰই যেনেকৈ লোহাৰ মূৰ্তিটোৰ উচ্চতা আৰু গঠন স্পৰ্শ কৰি ভীম বুলি ভাবিছিল ঠিক তেনেকৈয়ে কাষ্টমাৰ কেয়াৰেও আপোনাক দেখি নথকাৰ বাবে আপোনাৰ তথ্যখিনিৰ বাবেই আপুনি বুলি ভাবি ভুল কৰে। 

♦  ইয়াৰ পাছত হেকাৰে আপোনাৰ ছিমখন ডিএক্টিভেট কৰাই নিজৰ মৰ্জি অনুসৰি আপোনাৰ নম্বৰ ব্যৱহাৰ কৰি থাকিব পাৰে।

 

আপোনাৰ তথ্য হেকাৰে কেনেকৈ লাভ কৰিবঃ


♦ আপোনাৰ অনলাইন একাউণ্টতত নানা ধৰণৰ লিংক আহিব, লোভনীয় অফাৰ অথবা অশ্লীল ফটোও আহিব। আপুনি যদি সেয়া ক্লিক কৰে তেন্তে আপোনাৰ তথ্যসমূহ হেকাৰে লাভ কৰিব।

♦  আপোনালৈ বেংকৰ পৰা কল আহিব। আধাৰ কাৰ্ডৰ ডিটেইলছ বিচাৰি আপোনাৰ তথ্যসমূহ সংগ্ৰহ কৰি লব।

♦  আপোনাৰ সকলোখিনি তথ্য লাভ কৰাৰ পাছত সেই তথ্য আপুনি ব্যৱহাৰ কৰি থকা ছিমৰ কাষ্টমাৰ কেয়াৰত প্ৰদান কৰে ছিমখন বন্ধ কৰি দিবৰ বাবে।

♦  ইণ্টাৰনেটৰ স্পীড বঢ়াই দিম বুলি কোৱা ফোন কলো আপোনালৈ আহিব পাৰে। আপোনাক ক’ব যে আপোনাৰ ছিমখনৰ শেষত থকা নম্বৰটো কওক। আপুনি যদি সেই নম্বৰ কয় তেন্তে আপোনাক ১ টিপিবলৈ ক’ব আৰু আপুনি ১ টিপি দিয়াৰ লগে লগে ছিমখন বন্ধ হৈ পৰিব।

 

বাচি থকাৰ উপায়ঃ

 

♦ অজ্ঞাত লিংক কেতিয়াও ক্লিক নকৰিব। 
♦ কোনো অচিনাকি ব্যক্তিকে জন্মৰ চন তাৰিখ, ঘৰৰ ঠিকনা প্ৰদান নকৰিব।
♦ যি ফোনকলেই নাহক কিয় কেতিয়াও আপোনাৰ সম্পূৰ্ণ বিৱৰণ নিদিব। 
♦ ছিম হঠাতে যদি বন্ধ হৈ যায় বা নেটৱৰ্ক নাইকিয়া হৈ যায় তেন্তে সাৱধান হওক। 
♦ প্ৰত্যেক ছ’চিয়েল মিডিয়াৰ একাউণ্টত two factor authentication ব্যৱস্থা অন কৰি ৰাখক। 
♦ বেংক একাউণ্টৰ ইমেইল আৰু এছএমএছৰ ব্যৱস্থা সক্ৰিয় ৰাখিব। 
♦ ফোনত 'ডু নট ডিষ্টাৰ্ব ছাৰ্ভিছ’ ৰাখক যাতে অলাগতিয়াল অপ্ৰয়োজনীয় ফোনকল, মেছেজ আপোনাৰ তালৈ নাহে। 
♦ আপোনাৰ ডেবিট কাৰ্ডৰ CVV সকলোৰে পৰা লুকুৱাই ৰাখক৷ 
♦ কেতিয়াও কোনো কাৰণতে যিকোনো অটিপি নম্বৰ লোকক নজনাব৷ 
♦ পৰাপক্ষত দুটা ফোন নম্বৰ ৰাখক৷ আপোনাৰ সকলোৱে জনা ফোন নম্বৰটো বেংক একাউণ্টৰ লগত লিংক নকৰিব৷ 

 

এনেকৈ কৰিলে বুলিয়েই আপুনি ১০০ শতাংশ সুৰক্ষা লাভ কৰিব বুলি ভাবিলে ভুল কৰা হ'ব৷ অন্য অনেক পদ্ধতিৰেও আপোনাৰ তথ্যসমূহ লিক হোৱাৰ সম্ভাৱনা আছে। কিন্তু আমি যিখিনি পাৰো কৰিবলে, সেইখিনি সাৱধানতা অৱলম্বন কৰাতো ভাল৷ কথাতেই কয়...‘সাৱধানীৰ মৰণ নাই৷’ সেয়ে সাৱধানে থাকক, সুৰক্ষিত থাকক।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us [3]

Author

NNO ONLINE BUREAU's picture

NNO ONLINE BUREAU


Source URL: https://newsnextone.com/all-you-need-to-know-about-sim-swap-fraud-and-twitter-ceo

Links
[1] https://newsnextone.com/all-you-need-to-know-about-sim-swap-fraud-and-twitter-ceo
[2] https://newsnextone.com/all-you-need-to-know-about-sim-swap-fraud-and-twitter-ceo/#comments
[3] https://www.newsnextone.com/support