News Next One
Published on News Next One (https://newsnextone.com)

Home > সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলোৱা সমষ্টিত জয়ী হ'লনে BJPৰ প্ৰাৰ্থী?

11 Feb

সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলোৱা সমষ্টিত জয়ী হ'লনে BJPৰ প্ৰাৰ্থী? [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ দিল্লীৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ভাগ লৈ কেজৰিৱালে চৰকাৰ চলাব নাজানে বুলি মন্তব্য কৰি ছ’চিয়েল মিডিয়াত ট্ৰলৰ সন্মুখীন হোৱা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ শেষ মুহূৰ্তত আহিছে এটি ভাল খবৰ। যিটো সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰচাৰ চলাইছিল সেই সমষ্টিটোত একপ্ৰকাৰ জয়ৰ দিশে আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী।

উল্লেখ্য যে দিল্লীৰ ৰোহটাছ নগৰ আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দিতা কৰা নতুন দিল্লী সমষ্টিত দুদিনকৈ প্ৰচাৰ অভিযান চলাইছিল সৰ্বানন্দ সোণোৱালে। সমষ্টি দুটাত প্ৰচাৰ অভিযান চলাই তাত থকা অসম তথা উত্তৰ-পূবৰ ভোটাৰসকলক উদ্দেশ্যি দিল্লীৰ প্ৰকৃত উন্নয়নৰ বাবে আপৰ পৰিৱৰ্তে বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীজনে। 

প্ৰচাৰ অভিযানত কেজৰিৱালে চৰকাৰ চলাব নাজানে বুলিও মন্তব্য কৰিছিল তেওঁ। উক্ত মন্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত অসমৰ নেটিজেনসকলৰ একাংশই নিজে কিদৰে চৰকাৰ চলাইছে বুলি প্ৰশ্ন কৰি সমালোচনাৰে থকা-সৰকা কৰে সোণোৱালক। দিল্লী প্ৰচাৰ অভিযান চলাবলৈ গৈ অসমত এনেদৰে সমালোচনাৰ সন্মুখীন হ’লেও মঙলবাৰৰ দিনটোত সামান্যকৈ হ’লেও সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিছে সোণোৱালৰ ওঁঠত।

দিল্লীৰ প্ৰচাৰ অভিযান সামৰি অসমলৈ আহি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে সকলো বস্তু বিনামূলীয়াকৈ দিলেই নিৰ্বাচনত ৰাইজে ভোট নিদিয়ে। 'কেৱল বিনামূলীয়া পানী, বিনামূলীয়া বিদ্যুৎ, মহিলাৰ বিনামূলীয়া পৰিবহন সেৱাৰে পুনৰবাৰ দিল্লীৰ শাসনত অধিষ্ঠিত হ'ব নোৱাৰে কেজৰিৱাল। বিজেপি জয়ী হ'লে দিল্লীত আমূল উন্নয়ন কৰিব।’-এই মন্তব্যৰে দিল্লীত এইবাৰ বিজেপিৰ জয় নিশ্চিত বুলি আশা ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে আশা কৰা ধৰণে বিজেপিয়ে বিজয় সাব্যস্ত কৰিব নোৱাৰিলে যদিও নিৰ্বাচন আয়োগৰ ৱেবছাইটত ৩.৩০ মিনিটলৈকে উপলব্ধ তথ্য অনুযায়ী তেওঁ প্ৰচাৰ চলোৱা ৰোহতাছ নগৰ সমষ্টিত বৰ্তমানৰ বিধায়ক আপৰ সৰিতা সিঙতকৈ প্ৰায় ৯ হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ জিতেন্দ্ৰ মহাজন। অৱশ্যে সোণোৱালে প্ৰচাৰ চলোৱা আনটো সমষ্টি নতুন দিল্লীত কেজৰিৱালৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে বিজেপিৰ সুনীল যাদৱ।

যি সময়ত ২৭০ গৰাকী সাংসদ, আটাইকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক প্ৰচাৰ অভিযানত নমাইয়ো আপৰ বিৰুদ্ধে বেয়াকৈ মুখথেকেচা খাবলৈ বিজেপি বাধ্য হৈছে সেই সময়তে সোণোৱালে প্ৰচাৰ চলোৱা এটা সমষ্টিত বিজেপি প্ৰাৰ্থীজনে জয়ৰ দিশে অগ্ৰসৰ হোৱাটোৱে স্বাভাৱিকতে সুখী কৰি তুলিছে মুখ্যমন্ত্ৰীজনক।    

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://newsnextone.com/assam-cms-success-in-delhi-election

Links
[1] https://newsnextone.com/assam-cms-success-in-delhi-election
[2] https://newsnextone.com/assam-cms-success-in-delhi-election/#comments