News Next One
Published on News Next One (https://newsnextone.com)

Home > ভেকচিনলৈ বহুদূৰ! ভাইৰাছৰ সৈতে জীয়াই থকাৰ কৌশল শিকিবলৈ আহ্বান WHOৰ

14 Jul

ভেকচিনলৈ বহুদূৰ! ভাইৰাছৰ সৈতে জীয়াই থকাৰ কৌশল শিকিবলৈ আহ্বান WHOৰ [1]

By NNO WEB BUREAU 0 Comments [2]

জেনেভাঃ কৰ’না মহামাৰীক লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব। সোমবাৰে এই মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই চমুকৈ WHOৰ মূৰব্বী ডাঃ টেড্ৰ’ছ এডনাম গেব্ৰিয়েছেছে। তেওঁ আৰু কয় যে কৰ’না ৰোধৰ ক্ষেত্ৰত বহু দেশে ভুল পথেৰে অগ্ৰসৰ হৈছে।

'কৰ’না ভাইৰাছৰ সংক্ৰমণৰ নতুন ঘটনা দিনে দিনে বৃদ্ধি পায়েই আছে। ইয়াৰ পৰা এয়াই প্ৰমাণিত হয় যে যিসমূহ উপায় আৰু পদ্ধতিৰ কথা কৈ অহা হৈছে সেইসমূহ সঠিকভাৱে পালন কৰা হোৱা নাই। অৰ্থাৎ আমি এক ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছো।’- WHOৰ মূৰব্বীগৰাকীৰ মন্তব্য।

উল্লেখ্য যে, উত্তৰ আৰু দক্ষিণ আমেৰিকা সম্প্ৰতি এই মহামাৰীৰ কবলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত স্বাস্থ্য বিশেষজ্ঞ আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত মুকলি মত বিৰোধ দেখা দিয়াৰ ফলত দেশখনত সংক্ৰমণ অধিক ভয়াৱহভাৱে বৃদ্ধি পাবলৈ লৈছে। একে দৃশ্য দেখা গৈছে লেটিন আমেৰিকাৰ দেশ ব্ৰাজিলতো। 

জন্স হপকিন্স ইউনিভাৰ্ছিটিৰ তথ্য অনুযায়ী এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ ভিতৰতে কৰ’নাত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হোৱা দেশখনেই হৈছে আমেৰিকা। মহা শক্তিশালী দেশ হিচাপে পৰিগণিত আমেৰিকাত বৰ্তমানলৈকে ৩৩ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১ লাখ ৩৫ হাজাৰ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

WHO-এ নতুনকৈ কি ক’লে?

সোমবাৰে জেনেভা চহৰত অনুষ্ঠিত এক সংবাদমেলত WHOৰ মূৰব্বী ডাঃ টেড্ৰছে কয় যে বিশ্বৰ ৰাষ্ট্ৰনেতাসকলে যিসমূহ উপায়েৰে মহামাৰীবিধৰ পৰা মুক্তি পাবলৈ চেষ্টা অব্যাহত ৰাখিছে সেই উপায়সমূহৰ প্ৰতি সৰ্বসাধাৰণে আস্থা হেৰুৱাই পেলাইছে। 'কৰ’না ভাইৰাছ এতিয়াও সৰ্বসাধাৰণৰ প্ৰধান শত্ৰু হৈয়েই আছে। কিন্তু বিশ্বৰ ভিন্ন প্ৰান্তৰ অধিকাংশ দেশৰেই চৰকাৰে এই লৈ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই। এয়া সঁচাকৈয়ে চিন্তনীয় বিষয়।’-তেওঁ কয়।

ডাঃ টেড্ৰছে আৰু কয় যে ছ’চিয়েল ডিছটেন্সিং, হাত ধোৱা আৰু মাস্ক পিন্ধা আদি মহামাৰীৰ পৰা ৰক্ষা পোৱা অনেক উপায় আছে আৰু এই উপায়সমূহ গুৰুত্বসহকাৰে লোৱা উচিত। অচিৰেই আগৰ দৰে স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ সম্ভাৱনা প্ৰায় ক্ষীণ বুলিও মন্তব্য কৰে WHOৰ মূৰব্বীগৰাকীয়ে।

'যদিহে প্ৰাথমিক সাৱধানতাসমূহ অৱলম্বন কৰা নহয় তেন্তে এয়া নিশ্চিত যে কৰ’না মহামাৰীৰ অন্ত নপৰিব আৰু পৰিস্থিতি বৰ্তমানতকৈয়ো অধিক ভয়াৱহ হৈ পৰিব। গতিকে আমি সাৱধান হ’বই লাগিব।’-বিশ্বৰ ৰাষ্ট্ৰনেতাসকলক সকীয়াই দি এইদৰে কয় ডাঃ টেড্ৰছে।

আনহাতে, WHOৰ জৰুৰীকালীন নিৰ্দেশক মাইক ৰায়ানে কয় যে আমেৰিকাত লকডাউন কঠোৰভাৱে পালন নকৰাৰ ফলত আৰু বহুকেইখন ৰাজ্যত অপৰিকল্পিতভাৱে লকডাউন ঘোষণা কৰাত সংক্ৰমণ অধিক তীব্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে। অনাগত দিনত আমেৰিকাৰ বহু অঞ্চলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলিও আশংকা প্ৰকাশ কৰে ৰায়ানে।

ব্ৰাজিলতো পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰায়ানে। তেওঁ কয়, 'লেটিন আমেৰিকাত ১ লাখ ৪৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই হৈছে ব্ৰাজিলৰ। এই মহাদেশখনত পৰ্যাপ্ত টেষ্টিং বৰ্তমানো হোৱা নাই। পৰ্যাপ্ত টেষ্টিং হ’লে আৰু অধিক লোক যে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে সেয়া পোহৰলৈ আহিব।’-ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়েৰ বলছেনাৰোৱে এসময়ত কৰ’নাক লৈ ধেমালি কৰাৰ প্ৰসংগ উল্লেখ কৰি এইদৰে কয় স্বাস্থ্য সংস্থাটোৰ শীৰ্ষ বিষয়াগৰাকীয়ে।

ডাঃ ৰায়ানে আৰু কয় যে লকডাউনৰ ফলত বৃহৎ আৰ্থিক ক্ষতি হোৱাতো অৱশ্যাম্ভাৱী যদিও কোনো কোনো ঠাইত ভয়াৱহ সংক্ৰমণ ৰোধ কৰাৰ বাবে পৰিকল্পিত লকডাউনৰ বাদে আন উপায় নাই। সেয়ে দেশসমূহৰ চৰকাৰক কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ স্পষ্ট আৰু শক্তিশালী ৰণনীতি যুগুত কৰিবলৈকো আহ্বান জনাইছে ৰায়ানে। ইয়াৰ লগতে তেওঁ প্ৰতিখন দেশৰ নাগৰিকক বিষয়টো গুৰুত্বসহকাৰে লৈ চৰকাৰে বান্ধি দিয়া গাইডলাইনসমূহ পালন কৰিবলৈকো পৰামৰ্শ আগবঢ়াইছে। 

ভেকচিন আৰু ইমিউনিটিক লৈ কি মন্তব্য?

ভেকচিন আৰু ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতাক লৈ এই পৰ্যন্ত সম্পূৰ্ণকৈ নিশ্চিত হ’ব পৰা নাই বুলি সোমবাৰৰ সংবাদমেলত জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। সংবাদমেলখনত ডাঃ ৰায়ানে কয়, 'আমি ভাইৰাছৰ সৈতে কেনেদৰে জীয়াই থাকিব লাগিব সেয়া শিকা উচিত। ভাইৰাছবিধক সমুলাঞ্চে নাশ কৰা বা কেইমাহমানৰ ভিতৰত শক্তিশালী ভেকচিন আহিব বুলি ভবাতো এই মুহূৰ্তত আকাশত চাং পতাৰ লেখীয়া।’

একেদৰে ইমিউনিটি সন্দৰ্ভতো অনুৰূপ মন্তব্য কৰে WHOৰ জৰুৰীকালীন নিৰ্দেশকগৰাকীয়ে। 'কৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকসকলৰ ইমিউনিটি গঢ়ি উঠিছে নে নাই সেয়া এতিয়ালৈকে সুনিশ্চিত কৰিব পৰা হোৱা নাই। যদিহে ইমিউনিটি গঢ় লৈ উঠিছেও তেন্তে সেয়া কিমানদিনলৈ থাকিব তাক লৈয়ো বৰ্তমানলৈ ন দি ক’ব পৰা হোৱা নাই।’-ডাঃ ৰায়ানে কয়।

উল্লেখ্য যে, সোমবাৰে লণ্ডনৰ কিংছ কলেজৰ বিজ্ঞানীসকলে এখন গৱেষণাপত্ৰত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসকলৰ দেহত গঢ় লৈ উঠা ইমিউনিটি কম সময়ৰ বাবেহে কাৰ্যক্ষম হৈ থাকে বুলি মন্তব্য কৰিছিল। ৯৬ জন লোকক সামৰি কৰা গৱেষণাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ অন্তত শৰীৰত গঢ় লৈ উঠা ৰোগ প্ৰতিৰোধ ক্ষমতাই কিদৰে কাম কৰে সেয়া পৰ্যবেক্ষণ কৰা হৈছিল। 

গৱেষকসকলৰ মতে এই গৱেষণাত ভাগ লোৱা লোকসকলৰ দেহত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ অন্তত এণ্টিবডি গঢ় লৈ উঠিছিল আৰু এই এণ্টিবডিয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছিল যদিও ৩ মাহ পিছত ইয়াৰ ক্ষমতা ক্ৰমাৎ কমিবলৈ আৰম্ভ কৰিছিল। তালৈ চাই গৱেষকসকলে ধাৰণা কৰিছে যে ইমিউনিটিয়ে কম সময়ৰ বাবে ভাইৰাছবিধক বাধা দিব পাৰিলেও দীৰ্ঘ সময়ৰ বাবে সেয়া সম্ভৱ নহ’বও পাৰে।

উল্লিখিত গৱেষণাৰ লগতে আন একাধিক গৱেষণাৰ প্ৰসংগ উল্লেখ কৰি WHO-এ প্ৰেছ বিবৃতিত আৰু কৈছে যে ১০ বছৰতকৈ কম বয়সৰ শিশুসকল কৰ’না ভাইৰাছৰ দ্বাৰা কমকৈ প্ৰভাৱিত হোৱাৰ প্ৰমাণ পোৱা গৈছে। ১০ বছৰৰ ওপৰৰ শিশুসকলৰ ক্ষেত্ৰত কৰ’নাৰ প্ৰভাৱ কিছু বেছি দেখা গ’লেও শিশুসকলৰ ক্ষেত্ৰত ভাইৰাছবিধৰ সংক্ৰমণৰ গতি-প্ৰকৃতি সম্পৰ্কে এই পৰ্যন্ত সবিশেষ জানিব পৰা হোৱা নাই বুলিও বিবৃতিটোত উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

Author

NNO WEB BUREAU's picture

NNO WEB BUREAU


Source URL: https://newsnextone.com/vaccine-is-so-far-says-who

Links
[1] https://newsnextone.com/vaccine-is-so-far-says-who
[2] https://newsnextone.com/vaccine-is-so-far-says-who/#comments