ওদালগুৰিঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ছাত্ৰ আহিল চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ৷ ৰাজ্য চৰকাৰে শিক্ষাৰ ব্যৱস্থাৰ উন্নয়ণ তথাশিক্ষাৰ মাণদণ্ড উন্নত কৰাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰাৰ লগতে খোদ শিক্ষা মন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ছাত্ৰ চৰকাৰী বিদ্যালয়লৈ অহা বুলি দাবী কৰে৷

ঠিক তেনে সময়তে যিসময়ত ৰাজ্যত ব্যক্তিগত বিদ্যালয়ৰ আগ্ৰাসনৰ ফলত চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ পোৱা বুলি সচেতন লোকসকল চিন্তিত হৈ পৰিছে তেনে সময়তে ৰাজ্যৰ একাংশ ঐতিহ্যমণ্ডিত-আগশাৰীৰ বিদ্যালয়ত ছাত্ৰী-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে৷

ৰাজ্যৰ আগশাৰীৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ওদালগুৰি জিলাৰ এখন বিদ্যালয়ত দেখা গ'ল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে৷ ওদালগুৰি চহৰৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ১১গৰাকী ছাত্ৰ আহি চৰকাৰী বিদ্যালয়খনত নামভৰ্তি কৰে।

ওদালগুৰি চহৰৰ মাজমজিয়াৰ শংকৰদেৱ মিচন মধ্য ইংৰাজী বিদ্যালয়ত বিগত ৮জানুৱাৰীত ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীত নামভৰ্তি কৰে বিভিন্ন ব্যক্তিগত বিদ্যালয়ৰ ১০গৰাকী শিক্ষাৰ্থীয়ে। ইয়াৰ পাছত জিলা শিক্ষা বিষয়া ভৱেন দেউৰীয়ে বিদ্যালয়খনত উপস্থিত হৈ বৃহস্পতিবাৰে কেউজন শিক্ষাৰ্থীক চৰকাৰী শিক্ষাখণ্ডলৈ আদৰণি জনোৱাৰ লগতে নৱাগত শিক্ষাৰ্থীসকলৰ মাজত বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰে।

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ চৰকাৰী বিদ্যালয়লৈ অহাত জিলা শিক্ষা বিষয়া ভৱেন দেউৰীয়ে ব্যক্তিগত খণ্ডৰ পৰা শিক্ষাৰ্থী আহি চৰকাৰী খণ্ডত নামভৰ্তি কৰাটো ৰাজ্যৰ শিক্ষা বিভাগৰ বাবে এক শুভ লক্ষণ বুলি কয়। বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিক শুভেচ্ছা জ্ঞাপন কৰে। শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন দল-সংগঠন আৰু ৰাইজক চৰকাৰী বিদ্যালয়সমূহৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।