100
নতুন দিল্লীঃ দলীয় সমৰ্থকসকলক অৱশেষত আকাংক্ষিত খবৰটো দিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। আজি দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ লগতে ১৫খন ৰাজ্যৰ ৪৮খন বিধানসভা আৰু দুখন লোকসভা আসনৰ উপ-নিৰ্বাচনৰ সময়সূচী।
এই উপ-নিৰ্বাচনতে কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক। ইয়াৰ লগে লগে নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ ঘটে গান্ধী পৰিয়ালৰ আন এজন সদস্যৰ।