newsnextone ওডালগুৰিঃ অত্যাৱশ্যকীয় সামগ্ৰী,ৰন্ধন গেছ,পেট্ৰল-ডিজেল আদিৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে দেশৰ জনসাধাৰণক। দীৰ্ঘ দিনৰ পৰা চলি অহা এনে ধাৰাবাহিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। যোৱা বৃহস্পতি বাৰে সমগ্ৰ ৰাজ্যৰ লগতে আছুৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ওদালগুৰি চহৰ। 
সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ খেলপথাৰত দিনৰ ১২ বজাৰ পৰা দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। 
আছুৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস,জিলা আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী,ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ কাশ্যপ,সাধাৰণ সম্পাদক ৰাজদ্বীপ দাস,  নেতৃত্বত আছুৰ অৰ্ধ শতাধিক  কৰ্মী সাব্যস্ত কৰে প্ৰতিবাদ। আন্দোলনকাৰী সকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 
আছুৰ নেতৃত্বই মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰ আৰু চৰকাৰক সকীয়াই দিয়াৰ লগতে মূল্য বৃদ্ধি ৰোধ নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ ভাবুকি প্ৰদান কৰে।