কাকপথাৰঃ  হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ ডিৰাকত অব্যাহত আছে প্ৰতিবাদ৷ জাতি ধ্বংসী বিধেয়ক খনৰ বিৰূদ্ধে স্বতস্ফুৰ্ত ভাৱে বিৰোধ প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ উলাই আহে শ শ ৰাইজ৷ 
যিকোনো বিনিময়ত এই বিধেয়ক গৃহিত হ’বলৈ দিয়া নহব বুলি প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়ে৷ প্ৰতিবাদী জনতাই বিজেপি গ’বেক, অসম চৰকাৰ হায় হাঁয়,কেন্দ্ৰীয় চৰকাৰ হাঁয় হাঁয়,সৰ্বানন্দ সোনোৱাল হুচিয়াৰ,নৰেন্দ্ৰ মোদী হুচিয়াৰ,অসম চৰকাৰ মিছলীয়া আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ অনাগত সময়ত ইয়াতকৈ জংগী প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই৷