গুৱাহাটীঃ এছ পি অ’ৰ প্ৰতিবাদত উত্তাল হ’ল মহানগৰীৰ দীঘলীপুখুৰী। পুনৰ সংস্থাপনৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে চাকৰি হেৰুওৱা কেইবাশতাধিক এছ পি অ’ই ইউনিফৰ্ম পিন্ধিয়ে  প্ৰতিবাদ সাব্যস্ত কৰে৷ ২ ঘন্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিগত সময়ৰ দৰে ৰাজ্য চৰকাৰে তেওঁলোকক নিযুক্তি দিম বুলি প্ৰবঞ্চনা কৰিলে ধৈৰ্য্যৰ চৰম সীমা অতিক্ৰম কৰিব বুলি ক্ষোভ উজাৰি চাইকেলেৰে দিল্লী যাত্ৰা কৰি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যোৱাৰ হুংকাৰ দিয়ে এছ পি অ’ সকলে৷

আনহাতে যোৱা ৫ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি আজি অৰ্থ্যৎ ১৭ জুলাইত ২ ঘন্টাৰ প্ৰতিবাদ কৰি ৰাজ্য চৰকাৰে নিযুক্তি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি নিদিলে পৰৱৰ্তী ১০ মিনিটত অসমবাসী এক ভয়ানক পৰিস্থিতিৰ সাক্ষী হ'ব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিছিল বিশেষ অাৰক্ষী বিষয়া কল্যাণ সমিতিৰ সভাপতি দিলীপ শইকীয়াই৷ অৱশ্যে আজি তেনেধৰণৰ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা নগ'ল। 

প্ৰতিবাদী কাৰ্যসুচীত এছ পি অ’ সকলক নিযুক্তি দিয়াৰ নামত চৰম প্ৰতাৰণা কৰি আহিছে বুলি কৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহা এছ পি অ'সকলক প্ৰতিখন ৰাজ্য চৰকাৰে অৱজ্ঞাৰ দৃষ্টিৰে চাই অহাত দিক-বিদিক হেৰুৱাইছে বুলি কয় একাংশ এছ পি অ’ই। কৰ্ম সংস্থাপনৰ অভাৱত প্ৰতিজন জোৱানৰ পৰিয়াল এতিয়া মৃত্যুৰ দুৱাৰদলিত বুলিও উল্লেখ কৰি অামোলা বিষয়াৰ টেবুলতে জোৱানসকলৰ পুনৰ সংস্থাপনৰ ফাইল অাবদ্ধ হৈ আছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে, উগ্ৰপন্থীৰ বিৰুদ্ধে বিশেষ অভিযান চলাবলৈ ২০০৮ অাৰু ২০১২ বৰ্ষত নিযুক্তি দিয়া এছ পি অ’ সকলক ২০১৫ বৰ্ষৰ জুন মাহতে চাকৰিৰ পৰা অব্যাহতি দি ৰাজ্য চৰকাৰে অাজি পৰ্য্যন্ত কোনো ব্যৱস্থা নল'লে।

বিগত চৰকাৰে চৰম অন্যায় কৰাৰ দৰে বৰ্তমানৰ চৰকাৰৰখনেও অাশাত চেচাঁপানী ঢালিছে বুলি ক্ষোভিত হা পৰে প্ৰতিবাদকাৰী এছ পি অ’ই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোৱানসকলক নিযুক্তিৰ অাশ্বাস দিছিল যদিও অাজি পৰ্য্যন্ত সেয়া কাৰ্য্যকৰী হৈ নুঠিল বুলিও অভিযোগ কৰে জোৱানসকলে। পেটৰ তাড়নাত পৰিয়ালক পোহপাল দিয়াৰ দায়িত্বত বহু জোৱানে দিন হাজিৰা কৰিব লগা হোৱা বুলি কৈ কাৰ্যসুচীত আবেগিক হৈ পৰে একাংশ এছ পি অ’ই জোৱান।