newsnextone.com | লংকাঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ মুঠৰ ওপৰত কোনেও বাদ পৰা নাই৷ অসমৰ দল-সংগঠন, শিল্পী সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ 

সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে লংকাত প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল সংগঠনে৷ লামডিং কংগ্ৰেছ কমিটিকে ধৰি কেইবাটাও দল-সংগঠনৰ শতাধিক সদস্যই লংকা ক্ৰীড়া সন্থা খেল পথাৰৰ পৰা লংকা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়লৈ পদযাত্ৰা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ জনাই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে৷ 

প্ৰতিবাদকাৰীসকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘নৰেন্দ্ৰ মোডী হায় হায়’ ‘প্ৰধানমন্ত্ৰী মূৰ্দাবাদ’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷