কোকৰাঝাৰঃ অসম বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ প্ৰাকমুহূৰ্তত আজি কোকৰাঝাৰত জনজাতীয় ছাত্ৰ বিদ্ৰোহে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি আজি জনজাতীয় ছাত্ৰ সমাজে বিটিচি পৰিষদীয় ভৱনৰ সদন ক্ষেত্ৰত প্ৰৱেশ কৰি চেয়াৰ-টেবুল, আচবাব, টিভি ভাঙি লণ্ড-ভণ্ড কৰে। জনজাতীয় ছাত্ৰ সমাজে সদন কক্ষ তথা বিধানপালিকাত প্ৰৱেশ কৰি এনেদৰে লণ্ড-ভণ্ড কৰা কাৰ্য ৰাজ্যত এয়াই প্ৰথম বুলি বিবেচিত হৈছে আৰু স্বয়ং জনজাতীয় ছাত্ৰ সমাজে ষষ্ঠ অনুসূচীৰ বিধান পৰিষদীয় সদনত অৰ্থাৎ বিধানপালিকাত প্ৰৱেশ কৰি সদন লণ্ডভণ্ড কৰা কাৰ্যক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বেই আজি কোকৰাঝাৰত পুনৰাই ধৰ্ণা-প্ৰতিবাদী সমদল বাহিৰ হয়। কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা জনজাতীয় ছাত্ৰ সমাজে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে আজি বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। উক্ত বিশাল প্ৰতিবাদী সমদলত কোকৰাঝাৰৰ বিভিন্ন মহাবিদ্যালয়, চিআইটি আদিৰ পৰা জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।
হাতে হাতে বেনাৰ-ফেষ্টুন, প্লেকাৰ্ড লৈ প্ৰতিবাদী সমদলটোৱে দেৱৰগাঁও হৈ জেডি পথেৰে বিটিচি সচিবালয় অভিমুখে ৰাওনা হয়। প্ৰতিবাদী সমদল চলাকালীন অৱস্থাত প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰী হুছিয়াৰ, হাগ্ৰামা মহিলাৰী গ’ বেক, বিশ্বজিত দৈমাৰী মুৰ্দাবাদ, প্ৰমোদ বড়ো গ’ বেক, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, ৰণোজ পেগু মূৰ্দাবাদ, ৰৌণগৌড়া নাৰ্জাৰী মুৰ্দাবাদ, উৰ্খাও গৌৰা ব্ৰহ্ম হুছিয়াৰ, গ’ বেক, চৰণ বড়ো গ’ বেক, ৰিহণ দৈমাৰী মুৰ্দাবা, চিচিটিঅএ জিন্দাবাদ, ট্ৰাইবেল ঐক্য জিন্দাবাদ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, উই ৱান্ট জাষ্টিছ, এন্টি ট্ৰাইবেল হুছিয়াৰ, জৈ বড়ো হাৰিনী জৈ ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি বিটিচি সচিবালয়ৰ পিনে অগ্ৰসৰ হয়। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিটিচি সচিবালয়ৰ সন্মুখলৈ প্ৰতিবাদী সমদল শান্তিপুৰ্ণ আছিল যদিও বিটিচিৰ মূখ্যদ্বাৰ পোৱাৰ পিছতে প্ৰতিবাদকাৰীসকল উত্তেজিত হৈ পৰে।
তীব্ৰ শ্লোগান নিক্ষেপ কৰি প্ৰতিবাদকাৰীসকলে বিটিচি সচিবালয়ৰ প্ৰথম গেট তথা মূলদ্বাৰ বলপূৰ্বকভাৱে অতিক্ৰম কৰাৰ পিছত প্ৰতিবাদকাৰীসকলে বিটিচি সচিবালয়ৰ দ্বিতীয় গেটৰ পিনে অগ্ৰসৰ হয়। লগে লগে আৰক্ষী সষ্টম হৈ উঠে যদিও হাজাৰ হাজাৰ প্ৰতিবাদকাৰীসকলে কমসংখ্যক আৰক্ষীৰ বাধা নেওচি বিটিচিৰ দ্বিতীয় গেট পাৰ হৈ বিটিচিৰ বিধান পৰিষদ (এচেম্বলি) ভৱনত উপস্থিত হয়। ইয়াৰ পিছতে ছাত্ৰ বিদ্ৰোহে ভয়ংকৰ ৰূপ ধাৰণ কৰি এফালৰ পৰা মহতিয়াই নিয়ে। বিটিচিৰ হৃদপিণ্ড স্বৰূপ বিটিচি বিধান পৰিষদীয় ভৱনত প্ৰৱেশ কৰি আচবাব, ফুলৰ টাব লণ্ডভণ্ড কৰাৰ লগতে চকী-মেজ ভাঙি চূৰমাৰ কৰে।
ইয়াতেই ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীসকলে সদনৰ ভিতৰত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰে আৰু সদনৰ মাইক, টিভি, চেয়াৰ ভাঙি এক কলা অধ্যায়ৰ সূচনা কৰে। গণতন্ত্ৰৰ মূল স্তম্ভ হিচাপে খ্যাত সদনত প্ৰৱেশ কৰি জনজাতীয় ছাত্ৰ সমাজে কৰা লংকাকাণ্ড ৰাজ্যত এয়াই প্ৰথম বুলি বিবেচিত হৈছে। জনজাতীয় ছাত্ৰ সমাজৰ উগ্ৰ ৰূপ দেখি আজি সকলোৱে নেপালৰ পৰিৱেশৰ কথা মনত পেলায়। লক্ষণীয় যে জনজাতীয় ছাত্ৰ সমাজে সদনত লংকাকাণ্ড কৰি পুনৰাই সদনৰ সন্মুখত প্ৰতিবাদত নামি পৰে।
প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ উপস্থিতি দাবী কৰে আৰু বিটিচিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি নাই বুলি দিয়া “এনঅ’চি” উঠাই লোৱাৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত ঘোৰ বিৰোধিতা কৰি নিজ দাবীৰ সমৰ্থনত অটল হৈ প্ৰতিবাদ অব্যাহত থাকে। উত্তপ্ত হৈ থকা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী সময়ত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে কামাণ্ডো বাহিনীও নিয়োগ কৰিব লগা হয়।
অৱশেষত প্ৰতিবাদস্থলীত জিলা আয়ুক্তা মাচান্দা এম পাৰ্টিন, জিলা আৰক্ষী অধীক্ষক অক্ষত গাৰ্গকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে। জিলা আয়ুক্তই প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ দাবী সন্দৰ্ভত চৰকাৰক অৱগত কৰা হ’ব বুলি প্ৰতিবাদীসকলৰ সৈতে আলোচনাত মিলিত হৈ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে কোকৰাঝাৰ জিলাৰ আয়ুক্তা মাছান্দা এম. পাৰ্টিনৰ জৰিয়তে অসম চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা আৰু বিটিচি চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।
ইয়াৰোপৰি বিটচিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি নাই বুলি দিয়া “এনঅচি” প্ৰত্যাহাৰ কৰাৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীক ২৪ ঘন্টাৰ সময়সীমা বান্ধি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ তদুপৰি প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ ওপৰত কোনো ধৰণৰ এজাহাৰ চৰকাৰ-প্ৰশাসনে ৰুজু কৰিব নোৱাৰিব বুলি জিলা আয়ুক্তৰ পৰা আশ্বাস লয় প্ৰতিবাদকাৰীসকলে। প্ৰশাসনে প্ৰতিবাদকাৰীসকলৰ দাবী মানি লোৱাত অৱশেষত কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতীয় ছাত্ৰ-ছাত্ৰী আৰু চিচিটিঅএৰ সহযোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি শাম কাটে আৰু প্ৰতিবাদকাৰীসকল ঘৰাঘৰী হয়।
ৰাজ্যত কস্মিনকালেও সংঘটিত নোহোৱা সদন আক্ৰমনৰ ঘটনা চৰকাৰে কেনেধৰণে গ্ৰহণ কৰে সেয়া পৰবৰ্তী পৰ্যায়ত লক্ষণীয় হ’ব যদিও গণতন্ত্ৰৰ মূল স্তম্ভ “সদন” আক্ৰমণৰ ঘটনা ভৱিষ্যতৰ বাবে অশনি সংকেত বুলি বিবেচিত হৈছে। তদুপৰি আজিৰ ঘটনাটো আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ বাবেই সংঘটিত হ’ল বুলিও বিবেচিত হৈছে। ইমান বৃহৎ ঘটনা এটাৰ “ইনপুট” আৰক্ষীয়ে আগতীয়াকৈ নোপোৱাটো আৰক্ষীৰ শোচনীয় অৱস্থাৰ কথাকে উদঙাই দিছে।
ইপিনে জনজাতীয় ছাত্ৰ সংগঠনৰ একাংশ নেতাই কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানে জনজাতিৰ সুবিধা ভোগ কৰি থকা জনজাতিসকলৰ বিস্তৰ ক্ষতিসাধন হ’ব। কোনো কাৰণতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ মানি লোৱা নহ’ব বুলি মন্তব্য কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰে ভুল সিদ্ধান্ত লোৱাৰ বাবেই আজিৰ পৰিৱেশৰ উদ্ভৱ হৈছে বুলি মন্তব্য কৰে। বিটিচিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি নাই বুলি কিয় এনঅ’চি দিলে তাৰ উত্তৰ লাগে বুলি মন্তব্য কৰি বিটিচিয়ে দিয়া “এনঅ’চি” শীঘ্ৰেই উঠাই লবলৈ দাবী জনাইছে। তদুপৰি জনজাতীয় মন্ত্ৰী, বিধায়কক বিষয়টো সন্দৰ্ভত সবল ভূমিকা লবলৈ জনজাতীয় ছাত্ৰ সমাজে আহ্বান জনাইছে।
উল্লেখ্য যে ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত কেবিনেটে সিদ্ধান্ত লোৱাৰ পিছতে কোকৰাঝাৰত ধাৰাবাহিকভাৱে আন্দোলন আৰম্ভ হৈছিল। প্ৰায় প্ৰতিদিনেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি কোকৰাঝাৰত প্ৰতিবাদী ধৰ্ণা-সমদল বাহিৰ হৈছিল যদিও প্ৰশাসনে বিষয়টোত সিমান গুৰুত্ব দিয়া নাছিল। অৱশেষত আজি জনজাতীয় ছাত্ৰ সমাজৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু গণতন্ত্ৰৰ মূল স্তম্ভ বিধানপালিকাত আঘাত হানি ক’লা অধ্যায়ৰ সূচনা কৰে।