সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২ঘন্টীয়া অৱস্থান ধৰ্মঘট
লখিমপুৰঃ যোৰহাট আৰু গোলাঘাট জিলাত বিষক্ত চুলাই খায় ডেৰ শতাধিক চাহ শ্ৰমিক কৰুণভাৱে মৃত্যুবৰণ হৈছিল৷ উচিত তদন্তৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷
দোষীক কঠোৰ ভাৱে আইনগত শাস্তি প্ৰদানৰ দাবীত আৰু মৃতকৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি উদ্যোগত সদৌ অসম আদিবাসী মহিলা লখিমপুৰ জিলা সমিতি আৰু কদম আঞ্চলিক সমিতি আৰু আনন্দ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দিনৰ ১১বজাৰ পৰা ২ঘন্টীয়া অৱস্থান ধৰ্মঘত কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
এই দাবী সমূহ পূৰণ কৰিবলৈ অসম চৰকাৰলৈ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই দাবী সমূহ অসম চৰকাৰে অতি সোনকালে পূৰণ নকৰিলে ,সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যত জঙ্গী আন্দোলন গঢ়ি তোলিব বুলি মত প্ৰকাশ কৰে ।