ডিজিটেল ডেস্কঃ মিচৰ, পিৰামিড আৰু তাৰ নৃপতি সকলৰ জীৱনক লৈ কৌতুহলৰ সীমা-শেষ নাই৷ আজিৰ পৰা প্ৰায় ৫ হাজাৰ বছৰ আগতে কি ভাবি ইমান ডাঙৰ ডাঙৰ শিলৰ গাঠনিৰ পিৰামিড বনোৱা হৈছিল, সেয়া লৈ আজিৰ দিনতো বিষ্ময়ৰ উদ্রেক কৰে। সম্প্রতি সেই বিষ্ময়ৰ মাত্রা আৰু বৃদ্ধি পালে।
প্রায় ৫ হাজাৰ বছৰৰ পুৰণা গিজাৰ পিৰামিডত নতুন এটা ঘৰ বিচাৰি পোৱা গৈছে। ঠিক ঘৰ নহয়৷ পিৰামিডৰ গ্রেণ্ড গেলেৰিৰ ওপৰত প্রায় ৩০ মিটাৰ বা ১০০ ফুট দীঘল এটি কৰিডোৰ যিটো ৰাণীৰ কক্ষক ৰজাৰ কক্ষৰ লগত সংযুক্ত কৰিছে। বৈজ্ঞানিক সকলে এতিয়াও বুজিব পৰা নাই কিয় সেই খালি স্থান ৰখা হৈছিল৷
গবেষকৰ মতে, পিৰামিড বলোৱাৰ সময়ত শ্রমিক সকলৰ যাতায়তৰ পথ ৰাখিবৰ বাবেই সেই কৰিডোৰটো তৈয়াৰ কৰা হৈছিল। কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই, তাত কোনো প্ৰাচীন সমল লুকাই ৰখা হৈছিল নিকি নে আন কিবা৷এই অনুসন্ধান কৰা সময়ত পিৰামিডৰ কোনো ক্ষতি হোৱা নাই।
মহাকাশৰ পৰা কিছু কসমিক পার্টিকল নিক্ষেপ কৰা হৈছইল পিৰামিডক লক্ষ্য কৰি। সেই পার্টিকল বিলাকেই পিৰামিডৰ পাথৰ ভেদ কৰি তাৰ গভীৰ পর্যন্ত পোৱা গৈছে। তাতেই এই কৰিডৰ ৰহস্য পৰিষ্কাৰ হয়। ১৯ শতিকাত গিজাৰ পিৰামিড আবিষ্কৃত হোৱাৰ পিছত এয়েই পিৰামিড সম্পৰ্কে সকলোতকৈ ডাঙৰ ৰহস্য৷