গুৱাহাটীঃ অসমত এতিয়ালৈ কৰ’না ভাইৰাছত কোনো লোক আক্ৰান্ত নহ’লেও সম্ভৱপৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। এই অনুযায়ী গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰা হৈছে বিশালাকৃতিৰ অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰ। 

বৃহস্পতিবাৰে দিনৰ ভাগত কৰা এক টুইটত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, এই অস্থায়ী কোৱাৰেণ্টাইন চেণ্টাৰত কৰ’নাত আক্ৰান্ত ৰোগীসকলক ৰাখি চিকিৎসা প্ৰদান কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে টুইটটোৰ সৈতে কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কাৰ্যৰ ফটোও টুইট কৰিছে। এই চেণ্টাৰত একেলগে ৭০০ লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে কৰ’নাত আক্ৰান্ত লোকসকলক পৃথকভাৱে ৰাখি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰতিখন ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছিল কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে। ইয়াৰ পিছতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱাই ইয়াৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় সৰুসজাইত।

'গুৱাহাটীৰ সৰুসজাই স্পৰ্টছ কমপ্লেক্সত স্থাপন কৰা হৈছে বিশাল কোৱাৰেণ্টাইন চেণ্টাৰ। ইয়াত ৭০০ ৰোগীক একেলগে চিকিৎসা কৰিব পৰা যাব। প্ৰস্তুতি কেনে চলিছে সেয়া চাবলৈ আজি পুৱাই তালৈ গৈছিলো। এসপ্তাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব।’-এইদৰে টুইটত উল্লেখ কৰিছে মন্ত্ৰী হিমন্তই।

আনহাতে হিমন্তই টুইট কৰা ফটোখনত মাস্ক পৰিহিত কৰ্মীসকলে নিৰ্মাণ কাৰ্যত যুদ্ধকালীন ক্ষিপ্ৰতাৰে ব্যস্ত হৈ থকা দেখা গৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰা মতে এই কোৱাৰেণ্টাইন চেন্টাৰত চিকিৎসা প্ৰদান কৰিবলৈ ২০০ ৰো অধিক চিকিৎসক, নাৰ্ছ তথা অন্যান্য চিকিৎসা কৰ্মীসকলকো সাজু কৰি ৰাখিছে চৰকাৰে। ইয়াৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও আন কেবাখনো চিকিৎসালয় তথা ব্যক্তিগত চিকিৎসালয়তো কৰ’নাৰ চিকিৎসা ব্যৱস্থা কৰাৰ কথা দিনদিয়েক পূৰ্বে বিধানসভাত সদৰী কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে গুৱাহাটীৰ সৰুসজাইত পুৱাৰ ভাগত উপস্থিত হৈ এই কোৱাৰেণ্টাইন চেণ্টাৰৰ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ পিছতে দুপৰীয়া শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শনৰ বাবে শিলচৰলৈ উৰা মাৰে স্বাস্থ্যমন্ত্ৰীগৰাকী। শিলচৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ মেডিকেল কলেজত কৰ'নাৰ চিকিৎসা ব্যৱস্থা সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষ তথা স্থানীয় স্বাস্থ্য বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়।