ডিজিটেল ডেস্কঃ ইটালীৰ আইতাৰ খবৰ লৈ আহি এইবাৰ ৩ দিনৰ ছিংগাপুৰ আৰু মালেছিয়া ভ্ৰমণলৈ গৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী ছিংগাপুৰ ভ্ৰমণ কালত উদ্যোগপতি, ছাত্ৰ-ছাত্ৰীৰ সৈতে বিশেষ অনুষ্ঠানত মিলিত হয়৷ জানিব পৰা মতে, ৰাহুল গান্ধীয়ে ছিংগাপুৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠনত অংশ লয়৷
নেছনেল ইউনিৰ্ভাছিটি অৱ ছিংগাপুৰত স্কুল অৱ পাব্লিক পলিছি সন্দৰ্ভত ছাত্ৰক সম্বোধন কৰে৷ ইয়াৰ পূৰ্বে দেশৰ আৰ্থিক অৱস্থা, চাকৰী আৰু বিনিয়োগ সন্দৰ্ভত মত ব্যক্ত কৰে৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী নজীৱ ৰাজাকো সাক্ষাৎ কৰিব ৰাহুলে৷ ছিংগাপুৰৰ আইএনএ মেমৰিয়ালস্থিত নেতাজী সুভাষ চন্দৰ বসুৰ মূৰ্তিত মাল্যৰ্পন কৰে৷ ৰাহুলে ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি চৰকাৰক কৰা সমালোচনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
ছাত্ৰ-ছাত্ৰীৰ সন্মুখত তথা দেশৰ আভ্যন্তৰীণ বিষয়ত বিদেশত মন্তব্য আগবঢ়ায়৷ বিদেশৰ ভূমিৰ পৰা চৰকাৰক সমালোচনা কৰে ৰাহুলে৷ দেশৰ ৪গৰাকী ন্যায়াধীশে সংবাদ মেল অনুষ্ঠিত কৰা সন্দৰ্ভতো মন্তব্য কৰে৷ দেশৰ শীৰ্ষ ন্যায়ালয়ৰ চাৰিজনকৈ ন্যায়াধীশে সংবাদমেল অনুষ্ঠিত কৰা ঘটনা সন্দৰ্ভত ৰাহুলে কয়, জনসাধৰণে ন্যায় বিচাৰি ন্যায়পালিকাৰ ওচৰলৈ কিন্তু প্ৰথমবাৰৰ বাবে চাৰিজন ন্যায়াধীশে ন্যায় বিচাৰি জনসাধাৰণৰ ওচৰ চপা বুলি কয়৷
তেওঁ লগতে কয়, স্বাধীন ভাৰতবৰ্ষত আমাৰ দ্বাৰা নিৰ্মিত আইআইটিৰ দৰে শৈক্ষিক শিক্ষানুষ্ঠানত অধ্যয়ন কৰা আপোনালোকৰ মাজৰ বহুত লোক নিশ্চয় ইয়াত উপস্থিত আছে৷ এই কথাত তেওলোকে অস্বীকাৰ কৰি দেশৰ এক আৰৱ লোকক লগতে লৈ কেতিয়াও গণতান্ত্ৰিক পথেৰে আগুৱাই যাব নোৱাৰে৷ ইয়াৰোপৰি ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ সপোনৰ ভাৰত আছিল য’ত সকলো জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো মানুহে এখন ঘৰৰ দৰে বসবাস কৰে৷
কিন্তু বৰ্তমান মহাত্মা গান্ধীৰ সেই সপোনৰ ভাৰত গঢ়াৰ বিচাৰধাৰাক প্ৰত্যাহ্বান জনোৱা হৈছে৷ ৰাহুল গান্ধীয়ে লগতে কয়, মই আমাৰ দেশত সংঘটিত হোৱা বহুত হিংসাত্মক কাৰ্যকলাপ বিভিন্ন স্তৰত প্ৰত্যক্ষ কৰি আহিছোঁ৷ স্বৰাজৰ অৰ্থ ব্যাখ্যা কৰি ৰাহুল গান্ধীয়ে কয়, মহাত্মা গান্ধীয়ে সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাটোৱেই স্বৰাজৰ অৰ্থ বুলি কয়৷
ইয়াৰ পূৰ্বে ৰাহুল হান্ধীয়ে বেহৰীণ ভ্ৰমণ কৰিছিল৷ সেই সময়ত দেশৰ বিচিত্ৰ স্থিতি উদ্ভৱ হোৱা বুলি চৰকাৰক সমালোচনা কৰিছিল৷ চৰকাৰে সংস্থাপন দিয়াত বিফল হোৱা বুলি কৈছিল৷ জনসাধৰণ বহু ক্ষোভিত বুলি কৈ ধাৰ্মীক উন্মাদনা সৃষ্টি কৰা বুলি কৈছিল৷ তেও বিজেপিক হৰুৱাই পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি কয়৷ ২০১৭ চনত কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ বেহৰীণ ভ্ৰমণ কৰিছিল৷