ডিজিটেল ডেস্কঃ মই প্ৰধানমন্ত্ৰী হোৱা হ’লে নোটবন্দীৰ প্ৰস্তাৱক ডাষ্টবিনলৈ দলিয়াই পেলালোহেঁতেন৷ এই মন্তব্য আগবঢ়াই কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷
পাঁচদিনৰ বাবে দক্ষিণ এছিয়া ভ্ৰমণত যোৱা ৰাহুল গান্ধীয়ে শণিবাৰে মালয়েছিয়াৰ কুৱালালমপুৰত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হয়৷ আলোচনাত ৰাহুল গান্ধীক বিমুদ্ৰাকৰণ ব্যৱস্থাটোক বেলেগ প্ৰক্ৰিয়াৰে কেনেকৈ প্ৰয়োগ কৰিব বুলি সোধা প্ৰশ্নত গান্ধীয়ে কয়, ‘মই দেশৰ প্ৰধানমন্ত্ৰী হোৱা হ’লে, যদি কোনোবাই মোক বিমুদ্ৰাকৰণৰ প্ৰস্তাৱ লৈ আবেদন দাখিল কৰিলেহেঁতেন, তেতিয়া তাক গ্ৰহণ কৰাৰ পৰিৱৰ্তে ডাষ্টবিনলৈ দলিয়াই দিলোঁহেতেন৷
গান্ধীয়ে লগতে কয়, মই নোটবন্দী প্ৰক্ৰিয়াক এনেকৈয়ে প্ৰয়োগ কৰিম, কিয়নো মোৰ বিচাৰ মতে নোটবন্দী প্ৰক্ৰিয়াটোক এনে কৰাই উচিত৷ কাৰণ এই ব্যৱস্থা কাৰো বাবেই উপযোগী নহয়৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল ২০১৬ চনৰ ৮ নৱেম্বৰ তাৰিখে৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে মোডীয়ে পুৰণি ৫০০-১০০০ টকীয়া নোটসমূহ বন্ধ কৰি দিছিল৷ এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মোডীক কংগ্ৰেছ দলে ঘোৰ বিৰোধীতা কৰিছিল৷
মহিলা সৱলীকৰণৰ ওপৰত সোধা এক প্ৰশ্নত গান্ধীয়ে কয়, মহিলাসৱলীকৰণৰ বাবে মহিলাসকলক যি সম অধিকাৰ প্ৰদান কৰাৰ কথা কোৱা হয়, সেয়াই যথেষ্ট নহয়৷ বৰ্তমানৰ পক্ষপাতিত্ব সমাজ ব্যৱস্থাত পুৰষসকলতকৈ মহিলাসকলৰ প্ৰতিহে অধিক সহায়ৰ প্ৰয়োজন বুলি কয়৷ গান্ধীয়ে লগতে কয়, মই মহিলাসকলক পুৰুষৰ সৈতে সমান বুলি নকওঁ, কিন্তু মহিলাসকলক পুৰুষতকৈ বেছি সন্মান কৰোঁ৷
ৰাহুল গান্ধীয়ে কয়, মোৰ মতে পশ্চিমীয়া সমাজ ব্যৱস্থাত মহিলাসকলৰ প্ৰতি এক পক্ষপাতিত্বমূলক বিচাৰধাৰা আছে, এই বিচাৰধাৰাক শুধৰণি কৰাৰ প্ৰয়োজন আৰু ইয়াক সমাধান কৰিবৰ বাবে কেৱল সমঅধিকাৰেই যথেষ্ট নহয়৷ ইয়াৰ বাবে আপুনি পক্ষপাতি হ’ব লাগিব আৰু পুৰষসকলক যিমান সমৰ্থন কৰে, মহিলাসকলক তাতোকৈ অধিক সমৰ্থন জনোৱা উচিত৷
ইয়াৰোপৰি ৰাহুল গান্ধীয়ে শনিবাৰে কুৱালামপুৰত মালয়েছিয়া ভাৰতীয় কংগ্ৰেছৰ অধ্যক্ষ সুব্ৰমণিয়াম সত্যশিৱমৰ সৈতে মিলিত হয়৷ উল্লেখ্য যে ১৯৪৬ চনলৈকে সুব্ৰমণিয়াম সত্যশিৱম অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ অংশ আছিল৷ তেওঁ মালয়েছিয়া স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷
জানিব পৰা মতে, ৰাহুল গান্ধীয়ে দক্ষিণ এছিয়াৰ যাত্ৰাত কংগ্ৰেছৰ সকলো ভাৰতীয় মূলৰ লৈতে মিলিত হোৱাৰ চেষ্টা চলায়৷ শুকুৰবাৰে গান্ধীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী ছিয়েন লুঙৰ সৈতেও মিলিত হোৱাৰ কথা ফেচবুকৰ পোষ্টৰ জৰিয়তে জানিবলৈ দিছে৷