Home দেশসঁচাকৈয়ে গ্ৰেপ্তাৰ হ’ব লাগিব নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

সঁচাকৈয়ে গ্ৰেপ্তাৰ হ’ব লাগিব নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

by News Next One
A+A-
Reset

গুৱাহাটীঃ শান্তিৰ অসমত যেন আজি বাজি উঠিল ’২৬ ৰ ৰণশিঙা! কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণে আজি ৰাজ্যৰ ৰাজনীতিত তীব্ৰতৰ কৰি তুলিছে ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ। পুৱাৰ ভাগত আজি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক উষ্ম আদৰণি জনায় কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই। বিমানবন্দৰতে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ’২৬ ৰ ৰণশিঙাত ফুঁ দি কয়- যুঁজ এখন হ’ব…।

অৱশ্যে খাৰ্গে কিম্বা গান্ধীৰ এই অসম ভ্ৰমণত সুখী নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ আন নেতৃত্ব। আজাৰাৰ কিৰণশ্ৰী হোটেলত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ ৰুদ্ধদ্বাৰ বৈঠক চলি থকা সময়তে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল মুখ্যমন্ত্ৰীয়ে। তেওঁ দাবী কৰিছিল যে এই বৈঠকত উপস্থিত থকা ৰাহুল গান্ধীয়ে কংগ্ৰেছীসকলক নিশ্চিতি দিছিল হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ।

মুখ্যমন্ত্ৰীয়ে ফেচবুকত দিয়া সেই পোষ্টত লিখিছিল এইদৰে, ”’লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জে’ললৈ পঠাম’— ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে। তেওঁ মাত্র এই কথাটোকে ক’ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশতঃ নেতাগৰাকীয়ে পাহৰিয়েই গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বর্তমান জামিনতহে মুকলি হৈ আছে। তেওঁলৈ মোৰ শুভকামনা। দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক৷’’

মুখ্যমন্ত্ৰীৰ এই পোষ্টৰ তাৎপৰ্য যে বেলেগ আছিল সেয়া বুজিবলৈ অসুবিধা নহয়। পূৰ্বেও তেওঁ দাবী কৰি আহিছে যে কংগ্ৰেছৰ ভিতৰচ’ৰাত তেওঁৰ গোপন এজেণ্ট আছে। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণ আৰু কিৰণশ্ৰীত ৰুদ্ধদ্বাৰ বৈঠকৰ সকলো গোপন খবৰ তেওঁ লাভ কৰে বুলি দাবী কৰি আজিও এক নেৰেটিভ প্ৰচাৰ কৰিবলৈ যেন প্ৰয়াস কৰা দেখা গ’ল মুখ্যমন্ত্ৰী ড০ শৰ্মাক। কিন্তু আজি তেওঁৰ সেই নেৰেটিভ বা কংগ্ৰেছৰ ভিতৰচ’ৰাৰ এজেণ্টক লৈ ইংগিতপূৰ্ণ দাবী কেৱল উপহাস হৈ ৰৈ যাবলৈ বেছি সময় নালাগিছিল। আজাৰাৰ সেই বৈঠকৰ পিছতে ছয়গাঁৱত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ নেতা-কৰ্মীক সম্বোধন কৰি ৰাজহুৱাভাৱেই মন্তব্য কৰে যে সোনকালে জে’ললৈ যাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

আজি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই পোনপটীয়াকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি দুৰ্নীতি, ভূমি দখল, নিৰ্বাচনী প্ৰৱঞ্চনাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে। হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৰুদ্ধদ্বাৰ বৈঠকক লৈ ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হয়। বৈঠকৰ অন্তত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ছয়গাঁওলৈ ৰাওনা হয়। লক্ষণীয়ভাৱে এইবাৰ কংগ্ৰেছৰ মূল ৰাজনৈতিক ইছ্যু হৈছে ভূমিৰ অধিকাৰ। কাৰ্বি আংলং, বৰদুৱাৰৰ পৰা পৰ্বতঝোৰালৈকে মেগা প্ৰজেক্টৰ বাবে ভূমি দখলৰ অভিযোগক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে কংগ্ৰেছে অসমৰ জনজাতীয় সম্প্ৰদায়ৰ ভূমি অধিকাৰক ৰাজনৈতিক এজেণ্ডা হিচাপে লৈ প্ৰস্তুতি চলাইছে ’২৬ ৰ নিৰ্বাচনলৈ।

কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়, “জনজাতীয় জনগোষ্ঠীৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিত কৰাটো কংগ্ৰেছৰ বাবে এক কেন্দ্ৰীয় বিষয় হ’ব। ৰাহুল গান্ধী আৰু খাৰ্গেয়ে আশ্বাস দিয়ে যে ২০২৬ চনত যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ইয়াক নীতি হিচাপে গঢ়ি তোলা হ’ব।”

ইফালে, কাজিৰঙা, মিকিৰ বামুণী গ্ৰাণ্ট আৰু কাৰ্বি আংলঙৰ কিছু অংশকে ধৰি বনাঞ্চল, চাহ বাগিচা আৰু জনজাতীয় অঞ্চলত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ বিৰুদ্ধে জনজাতীয় আৰু স্থানীয় জনগোষ্ঠীৰ প্ৰতিনিধিয়ে স্মাৰক-পত্ৰ দাখিল কৰে কংগ্ৰেছৰ শীৰ্ষ নেতা দুগৰাকীক। প্ৰতিনিধিসকলে বিজেপিয়ে আদানি, আম্বানি, জয় শ্বাহৰ দৰে পুঁজিপতিৰ স্বাৰ্থ পূৰণৰ বাবে জনজাতীয় সম্প্ৰদায়ক স্থানচ্যুত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ অভিযোগ- “বিজেপিয়ে অসমৰ খিলঞ্জীয়াক উচ্ছেদ কৰি কৰ্প’ৰেট পুঁজিপতিৰ বাবে উপনিবেশ সৃষ্টি কৰিছে।” বাতৰি অনুসৰি, খাৰ্গে আৰু গান্ধী দুয়োজনে প্ৰতিনিধি দলটোক আশ্বাস দিয়ে যে কংগ্ৰেছে সংসদ আৰু বিধানসভাত এই উদ্বেগজড়িত বিষয়সমূহ উত্থাপন কৰিব। ৰাহুল গান্ধীয়ে কয় যে আমি এই চৰকাৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত প্ৰতিজন জনজাতীয় ব্যক্তিৰ অধিকাৰৰ বাবে যুঁজ দিম।

এই বৈঠকৰ পিছতে ছয়গাঁৱৰ বামুণগাঁৱত কেইবাশতাধিক কংগ্ৰেছী আৰু ৰাইজক সম্বোধন কৰে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে। ব্যাপক দুৰ্নীতি, ভূমি দখল, নিৰ্বাচনী প্ৰৱঞ্চনা আৰু জনসাধাৰণৰ প্ৰতি বিশ্বাসঘাতকতাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে দুয়োগৰাকী শীৰ্ষ নেতা। ৰাহুল গান্ধীয়ে কয়, “এফালে আৰ এছ এছৰ ভাতৃ-ভগ্নীৰ মাজত ঘৃণা, বিভাজন আৰু হিংসাৰ মতাদৰ্শ। আনফালে কংগ্ৰেছে সত্য, অহিংসা আৰু এখন সম, শান্তিপূৰ্ণ সমাজ সৃষ্টিৰ পক্ষত থিয় দিছে। এই দুয়োটা মতাদৰ্শৰ মাজত যুদ্ধ চলি আছে।”

গান্ধীয়ে অভিযোগ কৰে যে অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতি বৃহত্তৰ জাতীয় সংকটৰ প্ৰতিফলন, য’ত শাসন ব্যৱস্থা স্বৈৰাচাৰী হৈ পৰিছে আৰু জনসম্পত্তি কৰ্প’ৰেটৰ একচেটিয়া অধিকাৰলৈ হস্তান্তৰ কৰা হৈছে। তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে নিজকে ৰাজহুৱা সেৱক বুলি নাভাবে, বৰঞ্চ ‘ৰজা’ বুলিহে গণ্য কৰে। এই ৰজাই আপোনাৰ মাটি আৰু ধন আম্বানি আৰু আদানিক দিছে।” বাহিৰত নিজকে সাহসী দেখুৱালেও মুখ্যমন্ত্ৰী প্ৰকৃততে এগৰাকী ভয়াতুৰ ব্যক্তি বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয়, “যেতিয়া তেওঁ টিভিত কথা কয়, তেওঁৰ চকুত ভয় দেখা যায়। তেওঁ ডাঙৰ কথা কয়, চিঞৰি উঠে, কিন্তু অন্তৰৰ পৰা তেওঁ সত্যটো জানে- সেই দিনটোলৈ আৰু বেছি দিন নাই, যেতিয়া কংগ্ৰেছৰ বাঘে তেওঁক জে’ললৈ প্ৰেৰণ কৰিব।”

একে সময়তে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সময়ে সময়ে উত্থাপন হৈ অহা ভূমি দখল আৰু দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰীক সপ্তাহৰ সাতটা দিনৰ ২৪ ঘণ্টাই মাটি চোৰ বুলি অভিহিত কৰি তেওঁ কয়, “তেওঁ মাটিৰ প্ৰতি আকৰ্ষিত—সৌৰ উদ্যান, ৰিজ’ৰ্ট সকলো এফালৰ পৰা দখল কৰি গৈছে। এই দুৰ্নীতিপৰায়ণজনে ২৪ ঘণ্টাই অসমৰ মাটি চুৰি কৰি আছে।” ইফালে, মহাৰাষ্ট্ৰ আৰু বিহাৰত ভোটাৰ তালিকাৰ লগত যিদৰে হেতালি খেলা হৈছে, সেয়া অসমতো হ’ব পাৰে বুলি সকীয়াই দিয়ে ৰাহুল গান্ধীয়ে। লগতে নিৰ্বাচন আয়োগে বিজেপিৰ নিৰ্দেশত কাম কৰাৰ অভিযোগ উত্থাপন কৰে। ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে দেশৰ অৰ্থনৈতিক মেৰুদণ্ড ভাঙিছে, যাৰ ফলত কৃষক, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীক আঘাত হানিছে।

ৰাহুল গান্ধীৰ সৈতে মঞ্চত উপস্থিত হৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ো বিজেপিক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে অসম সদায় কংগ্ৰেছৰ দুৰ্গ হৈ আহিছে আৰু বিজেপিয়ে “আমাৰ নিজৰ এজনক কাঢ়ি লৈ” চৰকাৰ গঠন কৰিছে। খাৰ্গেয়ে কয় যে বিগত ১০ বছৰত বিজেপি চৰকাৰে অসমৰ ওপৰত ২ লাখ কোটি টকাৰ ঋণ জাপি দিছে। তেওঁ বিজেপিক ভয়-ভাবুকি আৰু নেপ’টিজমৰ ওপৰত চলা “ভুৱা চৰকাৰ” বুলি অভিহিত কৰে। খাৰ্গেয়ে অভিযোগ কৰে যে মোদীয়ে দৰিদ্ৰ লোকক লুণ্ঠন কৰি আদানি-আম্বানিৰ সম্পদ বৃদ্ধি কৰিছে। ধুবুৰীৰ ২০০০ ঘৰ ভাঙি পেলোৱা ঘটনাক গৰিহণা দি চাহ বাগিচাৰ শ্ৰমিকে উচিত মজুৰি পোৱা নাই বুলি অভিযোগ কৰে।

খাৰ্গেয়ে কয়, “মোদীয়ে আম্বানিৰ সম্পত্তি ৮ হাজাৰ কোটিৰ পৰা ১৩ লাখ কোটি টকালৈ বৃদ্ধি কৰিছে। কেনেকৈ? দুখীয়াক লুটি লুটি। তেওঁলোকে ২৫% কৰ্তন লয়, ৭৫% নিজৰ বাবে ৰাখে, বাকীখিনি আৰ এছ এছ-বিজেপিৰ কাম-কাজত ব্যৱহাৰ কৰে। সেয়াই মোদীৰ উদ্দেশ্য।” ধুবুৰীত চলোৱা উচ্ছেদৰ লগতে চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতি থকা ব্যৱহাৰক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে খাৰ্গেয়ে। “যোৱা সপ্তাহত ধুবুৰীত ২০০০ পৰিয়ালৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা হ’ল। কংগ্ৰেছ ক্ষমতালৈ আহিলে আমি পুনৰ নিৰ্মাণ কৰিম। আৰু চাহ বাগিচাৰ শ্ৰমিকৰ কথা কি? তেওঁলোকে ন্যূনতম মজুৰিও নাপায়।” আন্তঃগাঁথনি সন্দৰ্ভত খাৰ্গেয়ে তথাকথিত ‘ডাবল ইঞ্জিন’ বিজেপি শাসন আৰ্হিক সমালোচনা কৰি কয়, “গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ যাবলৈ আমাৰ দুঘণ্টা সময় লাগিল। বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া পথৰ আন্তঃগাঁথনি ক’ত? এই চৰকাৰে উন্নয়নৰ নামত লুটপাত কৰিছে।”

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে অবৈধ অনুপ্ৰৱেশ আৰু গো সুৰক্ষাৰ ক্ষেত্ৰত বিজেপিৰ পৰস্পৰবিৰোধী স্থিতিৰ বিষয়েও মত প্ৰকাশ কৰে। তেওঁ কয়, “অবৈধ অনুপ্ৰৱেশৰ বিষয়টো মানুহক ভয় খুৱাবলৈ ব্যৱহাৰ নকৰিব। ভোটাৰ তালিকাত যিসকলৰ নাম আছে তেওঁলোক প্ৰকৃত নাগৰিক হ’ব লাগে। অবৈধ অনুপ্ৰৱেশকাৰীক আইন অনুসৰি বিতাড়িত কৰিব লাগে।” তেওঁ আৰু অভিযোগ কৰে যে কয়লা সৰবৰাহ, চুপাৰি সৰবৰাহ আৰু গুটখা ব্যৱসায়ৰ সৈতে বিজেপি নেতাসকল জড়িত আছিল। তিক্ত ঠাট্টা-মস্কৰাৰে ভাষণৰ সামৰণি মাৰি তেওঁ কয়, “অসমৰ কাৰাগাৰসমূহ আধুনিকীকৰণ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিওঁ- কংগ্ৰেছ ক্ষমতালৈ অহাৰ পিছত তেওঁলোকক ইয়াৰ প্ৰয়োজন হ’ব।”

অন্যহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি আজি ’২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। ‘যুঁজ এখন হ’ব’ শ্লোগানেৰে নিৰ্বাচনলৈ টঙালি বন্ধা কংগ্ৰেছেৰ ৰাজ্যিক মুৰব্বীগৰাকীয়ে আজি কয় যে বিজেপিয়ে সদায় সাধাৰণ জনতা, জনজাতীয় সম্প্ৰদায়, কৃষক, শ্ৰমিকক প্ৰতাৰণা কৰি আহিছে। কিন্তু কংগ্ৰেছে সদায় এনে লোকৰ কাষত থিয় দিছে। গৌৰৱ গগৈয়ে কয়, ”এইবাৰ যুঁজ এখন হ’ব। আমি যুঁজিম আৰু জিকিম।’’

স্বাভাৱিকভাৱেই ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণ আৰু চৰকাৰক তীক্ষ্ণ সমালোচনাই বিন্ধিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিক। ছয়গাঁৱত খাৰ্গে আৰু গান্ধীৰ বিশাল সভা অনুষ্ঠিত হৈ থকাৰ সময়তে আনপিনে এই ৰাষ্ট্ৰীয় নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় বিজেপিক। গুৱাহাটীত এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে কয় যে ৰাহুল গান্ধী বা খাৰ্গে কোনোৱেই অসমৰ বাবে গুৰুত্বপূৰ্ণ নেতা নহয়। তেওঁ কয়, “২০২২ চনৰ ১০ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে এক্স (পূৰ্বৰ টুইটাৰ) প্লেটফৰ্মত আবেদনকাৰীৰ তালিকা প্ৰকাশ কৰিছিল। তাত অসমৰ নাম নাছিল। বাৰে বাৰে অসমক আওকাণ কৰা এজনক ৰাজ্যৰ বাবে এজন মহান নেতা হিচাপে কেনেকৈ চাব পাৰি?”

তেওঁ আৰু অভিযোগ কৰে যে মল্লিকাৰ্জুন খাৰ্গে অসমৰ আটাইতকৈ চিনাকি সাংস্কৃতিক ব্যক্তি ড° ভূপেন হাজৰিকাৰ উত্তৰাধিকাৰক অপমান কৰিছে। উপাধ্যায়ৰ দাবী, “যেতিয়া বিজেপি চৰকাৰে ভূপেন হাজৰিকাক ভাৰতৰত্নৰে সন্মান জনোৱাৰ সিদ্ধান্ত লৈছিল, তেতিয়া খাৰ্গেয়ে ইতিকিং কৰি প্ৰশ্ন কৰিছিল যে এজন ‘সাধাৰণ গায়ক’ এনে সন্মানৰ যোগ্যনে? অসমৰ ৰাইজে এই অপমান পাহৰা নাই।” উপাধ্যায়ে কংগ্ৰেছ নেতৃত্বই তুষ্টিকৰণ ৰাজনীতি কৰা বুলিও অভিযোগ উত্থাপন কৰে।

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয়, “খাৰ্গেৰ অধীনত কংগ্ৰেছে এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰাত অধিক গুৰুত্ব দিছে, আনহাতে বিজেপিয়ে অসমীয়া সমাজৰ সকলো শ্ৰেণীৰ বাবে কাম কৰি আছে।” উপাধ্যায়ে কয়, “কংগ্ৰেছৰ দিনত ২০০৮ আৰু ২০১২ চনত নৃশংস উচ্ছেদ অভিযান চলোৱা হৈছিল, যাৰ ফলত জনজাতীয় অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰা হৈছিল। সেই কাৰ্যৰ দাগ এতিয়াও অসমৰ সামূহিক স্মৃতিত সতেজ হৈ আছে।” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপব্যৱস্থাপনাৰ উদ্ধৃতি দি কংগ্ৰেছৰ পৰিৱেশ উত্তৰাধিকাৰক সমালোচনা কৰি কয় যে, “কংগ্ৰেছৰ দিনত চোৰাং চিকাৰ আৰু অপব্যৱস্থাপনাৰ বাবে গঁড়ৰ মৃত্যু হৈছিল ভয়ংকৰ হাৰত।” উপাধ্যায়ে কয় যে শেহতীয়াকৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্ৰমণে বিজেপিৰ সম্ভাৱনা বৃদ্ধিহে কৰিছে। তেওঁ কয়, “প্ৰতিবাৰ ইয়ালৈ আহিলেই তেওঁলোকে অজানিতে বিজেপিক সহায় কৰে। অসমৰ ৰাইজে তেওঁলোকৰ ভণ্ডামি বুজি পায়।”

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0