নতুন দিল্লীঃ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে পুনেত আয়োজিত এক অনুষ্ঠানত কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পায় কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ প্ৰত্যুত্তৰত তেওঁক ভাল নাপায়৷

ৰাহুলে লগতে কয়, ‘মই সৰুকালৰে পৰা বহুত হিংসা দেখিছোঁ৷ মোৰ আইতাক হত্যা কৰা হৈছিল... মোৰ দেউতাকো হত্যা কৰা হৈছিল৷ এই হিংসাৰপৰা কোনোৱে লাভৱান নহয়৷’

পাছত ৰাহুলে টুইটাৰৰ যোগে কয়, ‘ঘৃণা হৈছে কাপুৰুষালি৷ সমগ্ৰ বিশ্ব ঘৃণাৰে উপচাই দিলেও ই মোক চুব নোৱাৰে৷ মই কাপুৰুষ নহয়৷ মই কেতিয়াও ঘৃণা আৰু খঙৰ বশৱৰ্তী নহওঁ৷ যিসকলে অস্থায়ীভাৱে ঘৃণা বিয়পোৱাৰ কাম কৰিছে তেওঁলোকৰ লগতে সকলো জীৱকে মই প্ৰেম কৰোঁ৷’ 

প্ৰেম আৰু প্ৰধানমন্ত্ৰীৰ বিষয়ে ৰাহুলে এইবাৰে প্ৰথম মন্তব্য কৰা নাই৷ ইয়াৰ পূৰ্বেও যোৱা আগষ্টত লোকসভাত চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱৰ হোৱা বিতৰ্কৰ সময়তো ৰাহুল গান্ধীয়ে একে কথাই কৈছিল আৰু নিজৰ আসনৰপৰা উঠি গৈ প্ৰধানমন্ত্ৰী মোডীক সাৱটি ধৰিছিল৷