newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন পত্ৰ লিখি মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰাৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, ৰাহুলে নিজৰ পত্ৰ যোগে সদনত কংগ্ৰেছৰ সকলো সাংসদে মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰিব বুলি কয়৷
বিজেপিয়ে তিনি তালাক বিধেয়কৰ লৈ যেনেদৰে সক্ৰিয় হৈ পৰিছে তেনেদৰে মহিলা সংৰক্ষণ বিধেয়কক লৈ গুৰুত্ব প্ৰদান নকৰাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক পত্ৰ লিখা কাৰ্যক একপ্ৰকাৰ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ দৰেই হোৱা বুলি চৰ্চা হৈছে৷