ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ আৰু বিজেপিৰ বাকযুদ্ধ তুংগত উঠিছে৷ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে বাকযুদ্ধও সমানে সমানে আৰম্ভ হৈছে দুয়োটা দলৰ৷ কংগ্ৰেছৰ উপাধ্যক্ষ ৰাহুল গান্ধীয়ে ইতিমধ্যে কেইবা খনো জনসভা অনুষ্ঠিত কৰাৰ লগতে ৰোড-শ্ব কৰিা দেখা গৈছে৷
জন সভাত বাকযুদ্ধ অব্যাহত থকাৰ মাজতে ৰাহুল গান্ধী আৰু স্মৃতি ইৰানীৰ মাজত আৰম্ভ হৈছে টুইট যুদ্ধ৷ ৰাহুল গান্ধীয়ে শুকুৰবাৰে সন্ধিয়া বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ সম্পত্তিক লৈ প্ৰশ্ন উত্থাপন কৰি টুইট কৰিছিল৷ তাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে টুইট কৰি কটাক্ষ কৰে ৰাহুল গান্ধীক৷
ৰাহুল গান্ধীৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্মৃতি ইৰানীয়ে টুইট কৰি জামিনত ঘুৰি ফুৰা এজন লোক বুলি অভিহিত কৰে ৰাহুলক৷ লাগি থাকা ভাই, গুজৰাট এনেও হাৰিবা৷ বছৰটোৰ বাবে শুভকামনা থাকিল বুলি কটুক্তি কৰে স্মৃতি ইৰানীয়ে ।নেশ্যনেল হেৰাল্ড গোচৰ সন্দৰ্ভত ৰাহুলক আক্ৰমণ কৰে টুইট যোগে৷ ৰাহুল আৰু মাতৃ চোনিয়া গান্ধীয়ে জামিনত লাভ কৰিছিল এই গোচৰত৷ দুয়োজনৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হৈছিল৷