নগাঁওঃ ৰে’ল মন্ত্ৰালয়ে স্বচ্ছ ভাৰত অভিযানক সফল কৰি তুলিবলৈ ৰেলপথ পৰিস্কাৰ কৰাৰ লগতে বৃক্ষৰোপন কৰিব। বিশেষকৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৰে’লপথসমূহ সেউজীয়াকৰণ কৰাৰ এক বিশেষ আঁচনি হাতত লৈছে৷

নগাঁৱৰ চাপৰমুখৰ পৰা শিলঘাটলৈকে থকা মুঠ ৮১ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথছোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে৷ চলিত মাহৰ ভিতৰতে পথ সেউজীয়াকৰণৰ কাম সম্পূৰ্ণ কৰিব ৰে’ল কৰ্তৃপক্ষই ৷

শিলঘাট-চাপৰমুখ সংযোগী পথছোৱাৰ উপৰি এই আঁচনিত ৮৩ কিঃ মিঃ দৈৰ্ঘ্যৰ শিলচৰ-ভৈৰৱী ৰেলপথ, ৫০ কিঃ মিঃ দৈৰ্ঘ্যৰ শিলচৰ-জিৰিবাম ৰেলপথ, ৪৪৮ কিঃ মিঃ দৈৰ্ঘ্যৰ ৰঙিয়া-মুৰ্ককচেলেক, ২২৫ কিঃ মিঃ দৈৰ্ঘ্যৰ আগৰতলা-বদৰপুৰ ৰেলপথ সেউজীয়াকৰণ কৰা হ’ব৷