বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক ৫ দিনলৈ ৰাজ্যখনত হব প্ৰৱল বৃষ্টিপাত

বিজুলী ঢেৰেকণিৰো আশংকা

গুৱাহাটী,১৩ জানুৱাৰী : ভোগালী উদযাপনক লৈ চৰকাৰে বান্ধি দিয়া সময়সীমাক লৈ বিতৰ্ক চলি থকাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননীয়ে আউল লগাইছে হেপাহৰ ভোগালী বিহু উদযাপনত ৷বতৰ বিজ্ঞান কেন্দ্ৰৰ তে আগন্তুক ৫ দিনলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিব বিজুলী-ঢেৰেকনি সহ প্ৰৱল বৃষ্টিপাত৷

পদূলিমুখত বাপতিসাহোন ভোগালী বিহু৷ ইতিমধ্যে গাঁৱে-চহৰে বিহুক লৈ প্ৰস্তুতি আৰম্ভ৷ পিঠা-পনা বনোৱাত ব্যস্ত জীয়ৰী-বোৱাৰী৷ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও জাৰি কৰিছে এছঅ’পি৷ সান্ধ্য আইনে উৰুকাৰ নিশা মাঘ বিহুৰ উন্মাদনাক কিছু ম্লান কৰাৰ সময়তে আকৌ বতৰেও দিছে বিধি পথালি৷ এনে সময়তে ৰাইজৰ মনত নিৰাশা লৈ আজি পুৱতি নিশাৰ পৰাই আৰম্ভ হৈচে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ৷

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া অসমৰ বতৰৰ আগজাননী মতে আজিৰে পৰা অহা ৫ দিন ৰাজ্য়খনৰ বিভিন্ন জিলাত বৰষুণৰ আগজাননী দিয়া হৈছে৷ ইয়াৰোপৰি আজি আৰু কাইলৈৰ দুদিনত অসমৰ বিভিন্ন জিলাত বিজুলী ধেৰেকণিৰ সতৰ্কবাণী সূচনা দিয়া হৈছে৷এই আগজাননী মতেই যেন বুধবাৰৰ পৰাই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত৷বাৰিষাৰ লেখীয়া বৰষুণে যে ভোগালীৰ আনন্দ ম্লান কৰিছে সেয়া নিশ্চিত৷

বিহুৰ সময়ছোৱাত ক’ভিডৰ সলনি বতৰেহে যে বাধ্য কৰাব ঘৰতে বিহু পালনৰ সেয়া নিশ্চিত৷ বিহু পালনৰ ক্ষেত্ৰত প্ৰদান কৰা এছঅ’পি অনুসৰি সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা ৬বজালৈ জাৰি কৰিছিল যদিও উৰুকাৰ দিনা নিশা ১১বজাৰ পৰা ৪বজালৈ থাকিব সান্ধ্য আইন৷