ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰ অাৰু ফুলপুৰ উপ-নিৰ্বাচনৰ পাছৰে পৰা ৰাজ্যখনৰ লগতে দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে৷ ইয়াৰ মাজতে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰাজ বাব্বৰে অধ্যক্ষ পদ ত্যাগ কৰা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নতুূন মিত্ৰজোঁট দল গঠন কৰিব বিচাৰিছে৷ যাৰ পৰিপ্ৰেক্ষিততেই ৰাজ বাব্বৰে অধ্যক্ষৰ পদৰ পৰা অব্যাহতি লয় বুলি অভিযোগ উত্থাপিত হৈছে৷ গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰাৰ লক্ষ্যৰে সমাজবাদী পাৰ্টিৰ সতে মিত্ৰতা কৰিব বিচাৰিছে৷ এই বিষয়টোত অসন্তুষ্ট হৈয়ে ৰাজ বাব্বৰে পদত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ কিয়নো বিগত সময়ছোৱাত সমাজবাদী পাৰ্টিৰ সৈতে বাব্বৰৰ সু-সম্পৰ্ক নাছিল বুলি জানিব পাৰি৷
বাব্বৰে পদ ত্যাগ কৰাৰ পাছতেই নতুন অধ্যক্ষ নিৰ্বাচনক লৈ দলৰ ভিতৰচ’ৰাত চৰ্চা আৰম্ভ হৈছে৷ আনহাতে বৰ্তমানেও বাব্বৰৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত আৰু নতুন অধ্যক্ষ নিৰ্বাচিত নোহোৱা লৈকে অধ্যক্ষৰ পদটো ৰাজ বাব্বৰেই চম্ভালিব লাগিব বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, নতুন অধ্যক্ষৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতেন প্ৰসাদৰ নাম শীৰ্ষত আছে৷ কিয়নো জিতেন প্ৰসাদ ৰাহুল গান্ধীৰ সতে অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা উত্থাপিত হৈছে৷ ইয়াৰ লগতে দলৰ জ্যেষ্ঠ নেতা প্ৰমোদ তিৱাৰী আৰু বাৰাণসীৰ প্ৰাক্তন সাংসদ ৰাজেশ মিশ্ৰৰ নামো অধ্যক্ষৰ দৌৰত আছে৷