ধুবুৰীঃ ধুবুৰীৰ চাপৰৰ উচ্ছেদ দানৱীয় আৰু অসাংবিধানিক৷ আইন-কানুন নামানি আদানিৰ কথা মতে এই উচ্ছেদ চলোৱা হৈছে৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে৷ আজি ধুবুৰীৰ তিনি ঠাইত ৰাজ্যৰ সৰ্ববৃহৎ অভিযান চলি থকাৰ সময়তে সাংবাদিকৰে মুখামুখি হৈ ৰকিবুল হুছেইনে দুখীয়া লোকক পণবন্দী কৰি চৰকাৰে উশাহ-নিশাহ ল’ব পৰা অৱস্থা নোহোৱা কৰাৰ অভিযোগ আনে৷
সাংসদ হুছেইনে কয়, “আদানিৰ পুত্ৰ জিৎ আদানি সেই ঠাইলৈ আহি যোৱাৰ পিছতে প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ গাত ইছাট-বিছাট লাগিল৷ উচ্ছেদিত লোকসকল আদালতলৈ গৈছিল৷ আদালতে নিৰ্দেশ নিদিয়া পৰ্যন্ত উচ্ছেদ নকৰিবলৈ কৈছিল৷ ২৪ জুনত এই নিৰ্দেশ দিছিল৷ কিন্তু তাৰ পিছতো যুগ যুগ ধৰি থকা মানুহখিনিক উশাহ ল’বলৈ নিদি আৰক্ষী লগাই দানৱীয় পদ্ধতিৰে উচ্ছেদ কৰা হৈছে৷ এটা ডিজাইনত কাম কৰা হৈছে৷ বিভিন্ন আৰক্ষী বিষয়াক সলনি কৰা হৈছে৷ বিভিন্ন ধৰণৰ গোচৰত জড়িত বিষয়াক তালৈ নিছে৷ যিসকল বিষয়া তাত আছে সেইসকল ভাল অসমীয়া বিষয়া৷ বিষয়াসকলে হিন্দী কোৱা আৰম্ভ কৰিছে৷ অসমীয়া নকয়৷ অন্ধকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ এইখন চৰকাৰ এতিয়া আদানিৰ চৰকাৰ৷”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অকণমান মানৱ হোৱাৰ আহ্বান জনাই ৰকিবুল হুছেইনে আৰু কয়, ”আপুনি অলপ মানৱ হওক, অলপ মানুহ হওক৷ যুগ যুগ ধৰি বাস কৰি থকা লোকৰ ল’ৰা-ছোৱালীৰ বিননি, যেনেদৰে কন্দুৱাইছে এয়া অথলে নাযায়৷ সৰু সৰা ল’ৰা-ছোৱালীৰ কোনো ধৰ্ম নাই, জাতি নাই৷ যেতিয়া এই বিননি ওপৰৱালাই শুনিব তেতিয়া ইয়াৰ গোঁজৰণি বহু দূৰলৈ যাব৷’’
যিসকলে এই উচ্ছেদক লৈ ৰাজনীতি কৰিছে তেওঁলোকক আহ্বান জনাই ৰকিবুলে কয় যে যদি কোনোবাই তেওঁলোকৰ লগত আছে তেন্তে দুৰ্গত লোকসকলৰ কথা কওক৷ ৰাজনীতিৰ কথা নক’ব৷ এই সময়ত মই ৰাজনীতি নকৰো৷
ইফালে, পঞ্চায়ত নিৰ্বাচনৰ সময়ত এজন অনা-অসমীয়া বিজেপি নেতাই বিজেপি কৰিলে উচ্ছেদ নকৰো বুলি প্ৰতিশ্ৰুতি দিয়াৰ প্ৰসংগ উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, ”তেতিয়া আমি কৈছিলো৷ ৰাজনীতিৰ কথা নাই৷ জীৱনটোহে আচল৷ বিজেপি কৰিলে যদি ঘৰ-বাৰী বাচে, তেন্তে বিজেপি কৰা৷’’
ৰকিবুল হুছেইনে তেওঁৰ সৈতে তথ্য থকা বুলি দাবী কৰি কয় যে যি ঠাইত উচ্ছেদ হৈছিল সেই অঞ্চলৰ ৩ হাজাৰৰ ভিতৰত ২৮০০ জনে পঞ্চায়তত বিজেপিক ভোট দিছিল৷ তেতিয়াই মই কৈছিলো সাপক বিশ্বাস কৰিলেও এই লোকসকলক বিশ্বাস কৰিব নালাগে৷ চৰকাৰৰ প্ৰাথমিক কৰ্তব্য হৈছে অন্ন, বস্ত্ৰ, বাসস্থান৷ কিন্তু আজি উচ্ছেদিতসকলৰ অন্ন, বস্ত্ৰ, বাসস্থান নাইকিয়া হৈ গৈছে৷
মুখ্যমন্ত্ৰীক তৃপ্তি নল’বলৈ আহ্বান জনাই হুছেইনে কয় যে মুখ্যমন্ত্ৰীয়ে কেইদিনমান পিছত ক’ব সেইটো ভুল হৈছিল৷ লগতে হুছেইনে আবেগিক হৈ কয় যে দুখীয়াক পণবন্দী কৰা, আঘাত দিয়া, দানৱীয় কাণ্ড বন্ধ কৰক৷
বিষয়াসকলে কৰা এনে উচ্ছেদৰ জৰয়িতে আইন অৱমাননা কৰাৰ সন্দেহ কৰি পশ্চিমবংগৰ উদাহৰণ দি ৰকিবুলে কয় যে পশ্চিমবংগত এবাৰ উচ্ছেদিত মানুহে মাটি ঘূৰাই পোৱাৰ লগতে যিসকলে উচ্ছেদ কৰিছিল তেওঁলোকে দৃষ্টান্তমূলক শাস্তি পাইছিল৷ তেওঁ কয়, “উচ্ছেদিত ঠাইত মাটি কেইবা ধৰণৰ আছে, খাচ মাটি, পট্টা মাটি৷ পট্টা মাটিত উচ্ছেদ কৰিবই নোৱাৰে৷ মাটিৰ মালিকৰ সৈতে কথা পাতিব লাগিব৷ জাননী দিব লাগিব৷ ক্ষতিপূৰণ দিব লাগিব৷”
আইন নামানি আদানিক মাটি দিবলৈ আৰম্ভ কৰা এনে উচ্ছেদ বন্ধ কৰিবলৈকো আহ্বান জনায় সাংসদ ৰকিবুল হুছেইনে। এনে আইন বিৰোধী উচ্ছেদৰ প্ৰসংস সংসদতো উত্থাপন কৰিব বুলিও সদৰী কৰে সাংসদগৰাকীয়ে।
