গুৱাহাটীঃ বিজেপিৰ গুৰু দায়িত্বত থকা ৰাম মাধৱক নাগা মহিলাৰ সৈতে অশালীন অৱস্থাত ধৰা পৰাৰ দাবী কৰা এক প্ৰতিবেদন নিউজজইণ্ট নামৰ বাতৰিৰ পৰ্টেলত প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশতে ৰাজনৈতিক মহলত খলকনি উঠাৰ পিছতে সৰৱ হৈ পৰিছে নাগালেণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ কৰ্ণধাৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰতিবেদনখনত দাবী কৰা মতে বিজেপিৰ উত্তৰ-পূবৰ দায়িত্বত থকা প্ৰভাৱশালী নেতা জনে যোৱা প্ৰায় ৭ দিন পূৰ্বে হাতে-লােটে মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হৈ ধৰা পৰে৷
বাতৰি প্ৰকাশ পোৱাৰ দিনাই ৰাতি ১১ বাজি ৩১ মিনিটত হিমন্তই এক টুইট যোগে বিষয়টো সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰে। উক্ত বাতৰিক উৰাবাতৰি আখ্যা দি সেই বাতৰি প্ৰচাৰ কৰাটো এক লজ্জাজনক কাম বুলি অভিহিত কৰে হিমন্তই। এই মিথ্যাচাৰৰ সৈতে জৰিত থকা সকলোৱে উচিত শাস্তি পাব বুলি হুংকাৰ দি টুইটটোত কয় যে বিষয়টো সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে চাইবাৰ অপৰাধ শাখাক অনুসন্ধান চলাবলৈ নিৰ্দেশ দিছে।