ৰঙাপাৰাৰ তাৰাজুলিত পল্লৱলোচন দাসৰ নিৰ্বাচনী প্ৰচাৰ
"কংগ্ৰেছ দল এতিয়া দাঁত নোহোৱা বুঢ়া বাঘ"--- 
মন্ত্ৰী পল্লৱলোচন 

তেজপুৰঃ "কংগ্ৰেছ দল এতিয়া দাত নোহোৱা বুঢ়া বাঘ " বাঘ হলেও দাঁত নহলে যিদৰে কাম নোহোৱা হয়,তেনেদৰে কংগ্ৰেছৰো কোনো কাম নেহোৱা হৈছে ।

একেদৰে কংগ্ৰেছ চাহ বাগিছাৰ   কামত নহা পুৰনা চাহগছ" অাৰু বাগানত পুৰনা চাহগছ বিলাক একো কামত নহাৰ বাবে বাগানৰ পৰা উভলি যিদৰে খৰি হিচাপে কামত ব্যৱহাৰ কৰা হয় তেনেদৰেই এতিয়া বাগানবোৰত কাম নোহোৱা কংগ্ৰেছৰ ঠাইত বিজেপিৰ দৰে নতুন চাহগছ ৰুব লাগে বুলি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে। 

শোণিতপুৰৰ ৰঙাপৰাৰ তাৰাজুলি চাহবাগিচাৰ লগতে বহু কেইখন চাহবাগিচাত বিজেপিৰ পল্লৱলোচন দাসে নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছক পুৰনা নোটৰ লগত তুলনা কৰি কয় যে পুৰনা নোটৰ এইসময়ত যিদৰে কাম নাই সেইদৰে কংগ্ৰেছৰো কাম নাই সেয়েহে ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক ভোট দি জয় যুক্ত কৰিবলৈ আহ্বান জনায় ।

অপুৰ্ব বৰা,তেজপুৰ