ৰঙিয়াঃ ৰঙিয়াৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা। আলট্ৰা বাছে খুন্দিয়ালে মালবাহী মেজিক। মেজিকখন ছিটিকি গৈ পৰিল বাইকৰ ওপৰত। থিতাতে নিহত মেজিকৰ চালকসহ এগৰাকী কিশোৰী। নিহত চালকজনৰ নাম নচিব আলী আৰু কিশোৰীগৰাকীৰ নাম মৃদুস্মিতা শৰ্মা।

সংকটজনক অৱস্থাত কিশোৰীগৰাকীৰ পিতৃ বংকিম শৰ্মাক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ৰঙিয়াৰ টাউনৰপৰা ডিমুৰ নিজ গৃহলৈ গৈ আছিল পিতৃ-কন্যা। ঘটনা সংঘটিত কৰি আল্ট্ৰা বাছখনে পলায়ন কৰে।