newsnextone.com | ৰঙিয়াঃ বহিঃৰাজ্য আৰু বৰপেটাৰ হাউলিৰ মাছ পোনা কেন্দ্ৰৰ পৰা মাছ পোনা আনি ৰঙিয়াত প্ৰায় চাৰিটা দশক ধৰি বিক্ৰী কৰি একাংশ লোকে ব্যৱসায় কৰি আহিছে৷ এয়া এক বৃহৎ ব্যৱসায়ত পৰিণত হৈছে৷ বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে গ্ৰাম্য এলেকাৰ শ-শ লোকে মাছ পোনাৰ ব্যৱসায়ত জৰিত হৈ ঘৰ চলাই৷

মৎস উদ্যোগত পৰিণত হোৱা এই ব্যৱসায়ত পৰিছে কোনো লোকৰ চকু৷ সময়ে সময়ে ব্যৱসায় খন ধ্বংস কৰাৰ বাবে চেষ্টা চলাই আহিছে একাংশ লোকে৷ শ-শ দৰিদ্ৰ পৰিয়ালে এই ব্যৱসায় খনৰ পৰা উপকৃত হৈছে৷ ৰঙিয়াৰ পৰা গাঁৱৰ পুখুৰীৰ গৰাকীক বিক্ৰী কৰিবৰ বাবে চাইকেল, গাড়ী আদিত পোনা কঢ়িয়াই নি নলবাৰী, কামৰূপ, ওদালগুৰি, শোণিতপুৰ আদি জিলাত বিক্ৰী কৰি টকা উপাৰ্জন কৰে একাংশ লোকে৷ 

কিন্তু এচাম অসাধু লোকে ব্যৱসায়খন ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰত নামি পৰিছে৷ মঙলবাৰৰ পুৱাই বিক্ৰী কৰিবলৈ ৰঙিয়াৰ বালাগাঁৱৰ মাছপোনাৰ ব্যৱসায়ীসকলে বৰলীয়া নৈত মাছ পোনা সাঁজু কৰিছিল সোমবাৰে নিশাই৷ বৰলীয়া নৈত নেট বান্ধি ৰখা মাছ পোনা সমূহ নিশা কোনো লোকে নৈত এৰি দিয়ে৷ জানিব পৰা মতে, কোনো চকু চৰহা লোকে ব্লেডেৰে নেট সমূহ এফালৰ পৰা কাটি দিয়াৰ ফলত বহু টকাৰ মাছ নৈৰ পানীত মিলি যায়৷ 

নিশা দুৰ্বৃত্তই নেট সমূহ ব্লেডেৰে কাটি দিয়াৰ ফলত নৈৰ পানীত মিলি যায় মাছ সমূহ৷ বৰপেটাৰ হাউলিৰ পৰা মাছ পোনা সমূহ অনা বুলি জানিবলৈ দিয়ে ব্যৱসায়ী কেন্দ্ৰই৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষীয়ে বহু পলমকৈ উপস্থিত হোৱাত ব্যৱসায়ীসকল উত্তেজিত হৈ পৰে৷ প্ৰায় ৬০০ ক্ষুদ্ৰ ব্যৱসায়ীৰ মাছ পানীত মিলি যোৱাত হাহাকাৰৰ সৃষ্টি হয়৷ আনহাতে এই ঘটনা ৰঙিয়াৰ আৰক্ষী থানাৰ পৰা কিছু নিলগত সংঘটিত হৈছে৷